ETV Bharat / state

অসম আন্দোলনৰ শ্বহীদ যোৰহাটৰ বিপিন চন্দ্ৰ দাসৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান - অসম আন্দোলনৰ নিৰ্যাতিত

অসম আন্দোলনৰ নিৰ্যাতিতৰ প্ৰতি নাই অনুকম্পা অগপ সভাপতিৰ তথা চৰকাৰৰ নাই কোনো সঁহাৰি

Bipin Chandra Das death ceremony
author img

By

Published : Aug 28, 2019, 8:01 PM IST

টীয়ক, 28 আগষ্ট : 1983 চন অসম আন্দোলনক লৈ উত্তপ্ত অসম ৷ তেনে এক উত্তপ্ত পৰিস্থিতিৰ মাজত অনুষ্ঠিত হৈছিল 1983 ৰ অবৈধ নিৰ্বাচন ৷ এই অবৈধ নিৰ্বাচনৰ বিৰোধীতা কৰিবলৈ গৈ বহু আন্দোলনকাৰী শ্বহীদ হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈ চিৰদিনলৈ ঘূণীয়া হোৱা আন্দোলনকাৰী সংখ্যাও আছিল অজস্ৰ ৷ তেনে এজন আন্দোলনকাৰী আছিল যোৰহাট জিলাৰ টীয়ক পথালিয়ালৰ বিপিন চন্দ্ৰ দাস ৷ ১৯৮৩ চনত অনুষ্ঠিত হোৱা অবৈধ নিৰ্বাচনৰ বিৰোধিতা কৰিবলৈ গৈ চি আৰ পি এফৰ গুলীত আঘাতপ্ৰাপ্ত হৈ ওৰেটো জীৱন দুৰ্বিসহভাৱে পাৰ কৰি যোৱা বিপিন চন্দ্ৰ দাসে ১৩ আগষ্টত মৃত্যুক আকোৱালি লয় ৷ অসম আন্দোলনৰ সংগ্ৰামী জনৰ মৃ্ত্যুত বুধবাৰে তেখেতৰ বাসগৃহত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অসম আন্দোলনৰ নিৰ্যাতিত তথা শিক্ষক ,সাংস্কৃতিক কৰ্মী ৰমেন শৰ্মাই বন্তি প্ৰজ্বলনৰে আৰম্ভণি কৰে ৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে যোৰহাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক জিতু নেওগ, কৰ্মচাৰী পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি দিলীপ বৰা, ৰেঙনীৰ সঞ্চালক বিজু শৰ্মাকে ধৰি বহু কেইগৰাকী ব্যক্তি ।

অসম আন্দোলনৰ সংগ্ৰামী যোৰহাটৰ বিপিন চন্দ্ৰ দাসৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান
উল্লেখযোগ্য যে অসমৰ অস্তিত্ব ৰক্ষাৰ অসম আন্দোলনত পটভূমি নিৰ্যাতিত হোৱা বিপিন চন্দ্ৰ দাসে জীৱিত অৱস্থাত অতি দৰিদ্ৰ জীৱন কটোৱাৰ লগতে নাপালে কোনো চৰকাৰী সাহায্য তথা চৰকাৰী গৃহ যোজনা আঁচনিৰ এটা ঘৰ ৷ তেখেতে কোনো চৰকাৰী আঁচনি লাভৰ পৰা বঞ্চিত হৈ মৃত্যুক আকোৱালি ল'ৱ লগা হোৱাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত থকা সকলোৱে ৷ এই ক্ষেত্ৰত অসম আন্দোলনৰ পটভূমিত জন্ম হোৱা অসম গণ পৰিষদ দলৰ বৰ্তমানৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাক অসম আন্দোলনৰ নিৰ্যাতিত গৰাকীৰ দুৰ্দশাৰ কথা অৱগত কৰাৰ পাছতো কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত তথা নুন্যতম অনুকম্পা প্ৰদৰ্শন নকৰা কাৰ্যত ক্ষোভ উজাৰে ছাত্ৰ সন্থাই ৷

Intro:Body:অসম আন্দোলনৰ নিৰ্যাতিতৰ প্ৰতি নাই অনুকম্পা অগপ সভাপতিৰ/চৰকাৰৰ পৰা নাপালে সহাৰি
TEOK:১৯৮৩ চনত অনুষ্ঠিত হোৱা অবৈধ নিৰ্বাচন বিৰৰধিতা কৰিবলৈ গৈ চি আৰ পি এফৰ গুলীত আঘাতপ্ৰাপ্ত হৈ ওৰেটো জীৱন দুৰ্বিসহ জীৱন যাপন কৰিযোৱা ১৩ আগষ্টত মৃত্যুক আকোৱালি লোৱা যোৰহাট জিলাৰ টীয়ক পথলিয়ালৰ বিপিন চন্দ্ৰ দাসৰ গৃহত আজি অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ।শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম আন্দোলনৰ নিৰ্যাতিত তথা শিক্ষক ,সাংস্কৃতিক কৰ্মী ৰমেন শৰ্মাই বন্তি প্ৰজ্বলনৰে আৰম্ভণি কৰা এই অনুষ্ঠানত যোৰহাট জিলা ছাত্র সন্হাৰ সম্পাদক জিতু নেওগ, কৰ্মচাৰী পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি দিলীপ বৰা,ৰেঙনীৰ সঞ্চালক বিজু শৰ্মাকে ধৰি বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে।উপস্থিত সকলে অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ পটভূমিত নিৰ্যাতিত হোৱা বিপিন দাসে চৰকাৰী কোনো আঁচনি লাভৰ পৰা বঞ্চিত হৈ মৃত্যুক আকোৱালি লৱ লগা হোৱাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে সকলোৱে ।এই ক্ষেত্ৰত অসম আন্দোলনৰ পটভূমিত জন্ম হোৱা অসম গণ পৰিষদ দলৰ বৰ্তমানৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই অসম আন্দোলনৰ নিৰ্যাতিত গৰাকীৰ দুৰ্দশাৰ কথা অৱগত কৰাৰ পাছতো কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত তথা নুন্যতম অনুকম্পা প্ৰদৰ্শন নকৰা কাৰ্যত ক্ষোভ উজাৰিছে ছাত্ৰ সন্হাই ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.