যোৰহাট,6 আগষ্টঃ বুধবাৰে নিশা ৯:৩০ বজাত যোৰহাট চহৰৰ পুৰণা বালিবাটত সংঘটিত হৈছিল এক ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিনিৰ্বাপক বাহিনীৰ তৎকালীন তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অন্যথা এই অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ ল'লেহেঁতেন সমগ্ৰ বালিবাট অঞ্চলত ৷ মুস্তাফা আছিম ছৰোৱাট নামৰ ব্যক্তি জনৰ ঘৰৰ ওপৰত থকা গুদাম গৃহটোত জুই লগাৰ ফলত প্ৰায় 50 হাজাৰ টকাৰ সম্পত্তি ধ্বংস হয় ৷ উল্লেখনীয় যে,গৃহটোৰ গৰাকীৰ মতে,আতচবাজীৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছ ৷ বুধবাৰে সন্ধিয়া ভাগৰ পৰাই পুৰণা বালিবাট অঞ্চলত ৰাম মন্দিৰ ভুমি পূজন সম্পন্ন হোৱাৰ আনন্দত একাংশ লোকে আতচবাজী জ্বলাই আনন্দ প্ৰকাশ কৰিছিল ৷ তেনেকুৱাতে দুৰ্ভাগ্যজনকভাৱে আতচবাজীৰ জুইৰ ফিৰিঙতি পৰি অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ঘৰটোৰ গৰাকীয়ে ৷
কিন্তু গুৰুত্বপূৰ্ণ বিষয় হ'ল যে আগন্তুক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰশাসনে সমগ্ৰ জিলা খনত প্ৰযোজ্য হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰা পাছতো কেনেদৰে আতচবাজী ফুটাই আনন্দ কৰিছিল একাংশই ৷ এতিয়া ইয়াক লৈ সমগ্ৰ চহৰখনত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
লগতে পঢ়কঃ এগৰাকী যুৱকৰ মহানুভৱতাই নতুন জীৱন দিলে ধেমাজিৰ এটা পৰিয়ালক