যোৰহাট,২৭ নৱেম্বৰ : চিকিৎসকৰ প্ৰতিবাদত একপ্ৰকাৰ অচল হৈ পৰিছে দেশৰ চৰকাৰী হাস্পতালৰ চিকিৎসা সেৱা (Nationwide protest over delay in NEET PG counselling) । ব্যতিক্ৰম হোৱা নাই অসমো । অসমৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকসকলে শনিবাৰৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদ স্বৰূপে অ'পিডি সেৱা বৰ্জন কৰে কনিষ্ঠ চিকিৎসকসকলে (JMCH Junior doctor boycotts OPD service) । যাৰ বাবে হাস্পতালখনত অভাৱনীয় পৰিৱেশে বিৰাজ কৰে । উল্লেখ্য যে NEET PGৰ নামভৰ্তি প্ৰক্ৰিয়া যথেষ্ট বিলম্ব হৈছে (NEET PG counselling delayed) ।
NEET PGৰ বাচনি পৰীক্ষা সম্পৰ্কীয় গোচৰ আদালতত বিচাৰাধীন হৈ থকাৰ বাবেই এই নামভৰ্তি প্ৰক্ৰিয়া অনুষ্ঠিত হোৱা নাই । ইফালে এই গোচৰৰ শুনানি ৬ জানুৱাৰীত গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে । বৰ্তমান নামভৰ্তি নোহোৱাত বহু হাস্পতালত কম সংখ্যক কনিষ্ঠ চিকিৎসকৰ উপস্থিতিত চিকিৎসা প্ৰদান কৰিবলগীয়া হৈছে ।
ইফালে ইয়াৰ ফলত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ স্বাস্থ্য সেৱাত যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিছে বুলি অভিযোগ কৰিছে চিকিৎসকসকলে । মাত্ৰ ৬৯ শতাংশ কনিষ্ঠ চিকিৎসকে ক'ভিডৰ উপৰিও আন সেৱাসমূহত নিয়োজিত হ'বলগীয়া হৈছে । যাৰ বাবে মানসিক আৰু শাৰীৰিক হেঁচা পোৱা বুলিও দুখ প্ৰকাশ কৰিছে কনিষ্ঠ চিকিৎসকসকলে ।
সেয়ে অতি শীঘ্ৰে চৰকাৰক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । লগতে সমগ্ৰ বিষয়টো বিবেচনা কৰি যাতে সোনকালে NEET PG সম্পৰ্কীয় গোচৰটোৰ ৰায় দিয়ে তাৰ বাবেও উচ্চতম ন্যায়ালয়ক অনুৰোধ জনায় চিকিৎসকসকলে ।