তিতাবৰ,16 জুন : পুত্ৰৰ মৃত্যুতিথিৰ দিনটোতে মৃত্যু হ’ল এগৰাকী মাতৃৰ ৷ যোৰহাটৰ বৰহোলাৰ বালিজানত সংঘটিত হৈছে এই ঘটনা ৷ উগ্ৰপন্থী সংগঠনৰ লগত জড়িত থকাৰ সন্দেহত বিগত বৰ্ষৰ ১৫ জুনত শোৱাপাটিৰ পৰা উঠাই লৈ যোৱাৰ পিছত সেনা বাহিনীৰ জিম্মাত মৃত্যু হৈছিল তিতাবৰৰ বৰহোলা থানাৰ অন্তৰ্গত হাবিগাঁও গাভৰু আলিৰ জয়ন্ত বৰাৰ ৷ এই ঘটনাৰ পাছতে জয়ন্তৰ হত্যাৰ ন্যায় বিচাৰি বৰহোলাত সাব্যস্ত হৈছিল তীব্ৰ প্ৰতিবাদ ৷ কিন্তু আজিকোপতি জয়ন্ত বৰাৰ মৃত্যুৰ ন্যায় নাপালে পৰিয়ালে ৷
মঙলবাৰে জয়ন্ত বৰাৰ মৃত্যুৰ এটা বছৰ সম্পূৰ্ণ হয় ৷ কিন্তু ন্যায় নোপোৱাকৈয়ে পুত্ৰৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনটোতে মৃত্যুক সাৱটি ল’লে জয়ন্ত বৰাৰ মাতৃ লীলা বৰাই ৷
উল্লেখ্য যে, বিগত বৰ্ষৰ ১৫ জুনৰ মাজ নিশা প্ৰায় 12 বজাত জয়ন্ত বৰাৰ বাসগৃহত উপস্থিত হয় সেনাবাহিনীৰ এটা দল ৷ উপস্থিত হৈয়ে কোনো কাৰণ নজনোৱাকৈ যুৱকজনৰ কোঠাত তালাচী চলাই সেনাৰ দলটোৱে ৷ তালাচীৰ সময়ত যুৱকজনৰ ম'বাইল ফোনটো জব্দ কৰি যুৱকজনক ঘৰৰ পৰা লৈ যায় সেনাৰ দলটোৱে ৷ তাৰপিছতে সেনা-আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাৱে মৃত্যু হয় জয়ন্ত বৰাৰ । সেনাৰ অত্যাচাৰৰ ফলতে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক: যোৰহাটত সেনাৰ জিম্মাত যুৱকৰ ৰহস্যজনক মৃত্যু