ETV Bharat / state

ক’ভিড মুক্ত গাঁৱলৈ পৰিণত টীয়কৰ এখন গাঁও

টীয়কৰ নৈপৰীয়া গাঁও কাৱৈমাৰী গোঁহাই গাঁৱখন পৰিণত হৈছে এখন আদৰ্শ গাঁৱলৈ ৷ গাঁৱবাসীয়ে ক’ভিডৰ বিৰুদ্ধে চলোৱা সংগ্ৰামৰ বাবে এতিয়ালৈকে ক’ভিডৰ পৰা মুক্ত এই গাঁৱখন ৷

ideal-village-of-teok
টীয়কৰ ক’ভিড মুক্ত গাঁও
author img

By

Published : May 17, 2021, 11:34 AM IST

টীয়ক,17 মে’: ক’ভিডৰ সংক্ৰমণ হ্ৰাসৰ বাবে চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনা ভংগ কৰা এচাম লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে টীয়কৰ এখন গাঁৱৰ বাসিন্দাসকলে গাঁৱখনক ক’ভিড মুক্ত কৰি ৰাখিবলৈ গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থাই দৃষ্টি কাঢ়িছে সকলোৰে ৷ টীয়ক নগৰৰ পৰা প্ৰায় 6 কিল’মিটাৰ নিলগত অৱস্থিত এই নৈপৰীয়া গাঁৱখন হৈছে কাৱৈমাৰী গোঁহাই গাঁও ।

প্ৰায় 400 ঘৰ মানুহ বাস কৰা এই বৃহত্তৰ গাঁৱখনে ক’ভিড মহামাৰীৰ সময়ত গাঁৱবাসীয়ে একগোট হৈ ক’ভিডৰ বিৰুদ্ধে যি সংগ্ৰাম আৰম্ভ কৰিছে তাৰ বাবেই আজিও ক’ভিড মুক্ত হৈ আছে এই গাঁৱখন ৷ গণ সংক্ৰমণ ৰোধৰ বাবে প্ৰশাসনে নতুন নতুন নীতি-নিৰ্দেশনা অৱলম্বন কৰাৰ বিপৰীতে এই ভিতৰুৱা গাঁৱখনৰ লোকসকলৰ সজাগতাই এক ইতিবাচক সংকেত বহন কৰা পৰিলক্ষিত হৈছে ৷

টীয়কৰ ক’ভিড মুক্ত গাঁও

উল্লেখ্য যে, গাঁৱখনত মাস্ক পৰিধান কৰাৰ বাবে বিশেষ সজাগতা অনাৰ প্ৰয়াস কৰিছে গাঁৱৰক্ষী বাহিনীয়ে ৷ আনহাতে বিভিন্ন ৰাজহুৱা স্থান, দোকান-পোহাৰ আদিত সজাগতামূলক প’ষ্টাৰ লগোৱাৰ লগতে গাঁওখনৰ প্ৰতিঘৰ মানুহৰ পদূলিত হাত ধুবৰ বাবে চাবোন, পানী ৰখা হৈছে যাতে ঘৰৰ ভিতৰত প্ৰৱেশৰ সময়ত হাত ধুই প্ৰৱেশ কৰে । গাঁৱখনৰ যুৱচাম আৰু বিশেষকৈ গাঁৱৰক্ষী বাহিনীৰ উদ্যোগত মাস্ক পৰিধান, সামাজিক দূৰত্ব মানি চলা আৰু ক’ভিড প্ৰট’কল সম্পৰ্কে গাঁৱবাসীক সজাগ কৰা দেখা গৈছে ৷

ইয়াৰ ফলস্বৰূপে গাঁৱখন ক’ভিডৰ পৰা মুক্ত হোৱা বুলি গাঁৱবাসীয়ে মন্তব্য কৰে ৷ দেশৰ এই জটিল সময়ত নিজৰ সাৱধানতা আৰু সজাগতাই যে মহামাৰীৰ পৰা নিজকে বচাই ৰাখিব পাৰে, সেয়া এক প্ৰকাৰ প্ৰমাণ কৰি দেখুৱাইছে টীয়কৰ কাৱৈমাৰী গোঁহাই গাঁৱৰ প্ৰতিটো পৰিয়ালে ।

লগতে পঢ়ক : বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড: আহিল লক্ষাধিক টকাৰ বিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.