ETV Bharat / state

Corruption in embankment construction : মথাউৰি নিৰ্মাণত বৃহৎ দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Apr 9, 2023, 11:47 AM IST

কোটি টকীয়া মথাউৰি নিৰ্মাণত বিসংগতি ৷ লাভৰ আশাত নিম্নমানৰ কাম কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে (Corruption in embankment construction) ৷

Corruption in embankment construction
মথাউৰি নিৰ্মাণত বৃহৎ দুৰ্নীতিৰ অভিযোগ
মথাউৰি নিৰ্মাণত বৃহৎ দুৰ্নীতিৰ অভিযোগ

যোৰহাট, 9 এপ্ৰিল : মথাউৰি নিৰ্মাণত কেলেংকাৰী ৷ যোৰহাটত নিৰ্মীয়মান এটি মথাউৰিয়ে আতংকিত কৰি তুলিছে স্থানীয় ৰাইজক ৷ জলসম্পদ বিভাগৰ যোৰহাট উপ সংমণ্ডলৰ অধীনস্থ বনাই নপমুৱাত জাঁজী নদীৰ দক্ষিণ পাৰত চলি থকা মথাউৰিৰ মেৰামতিৰ কাম অতি নিম্ন মানৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । উল্লেখযোগ্য যে প্ৰায় ডেৰ কোটি টকাৰে মথাউৰিটোৰ উক্ত অংশত ২২০ মিটাৰ মেৰামতিৰ বাবে ধন ধাৰ্য কৰিছিল । কিন্তু ঠিকাদাৰৰ নিম্ন মানৰ কামৰ বাবে এতিয়া নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে ( Corruption in embankment construction )।

প্ৰাপ্ত অভিযোগ অনুসৰি মথাউৰিটো মেৰামতি কৰাৰ নামত মথাউৰিটোৰ নদীৰ দিশৰ মাটি কাটি নদীৰ বাহিৰ দিশে মথাউৰিটোত জাপি দিয়া হ'ল । তদুপৰি মথাউৰিটোৰ কাষৰ অংশ যিদৰে হেলনীয়া হ'ব লাগিছিল তেনে নকৰাত এতিয়া এজাক বৰষুণতে মূল মথাউৰিটোৰ মাটি খহি যোৱাত মথাউৰিটোৰ প্ৰতি ভাবুকি নামি অহাৰ আশংকাই দেখা দিছে ( Huge scam in embankment construction in Jorhat )।

আনপিনে বাৰিষা সমাগত । এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই মথাউৰিটো নিৰ্মাণৰ কাম । ফলত এনে ক্ৰুটিপূৰ্ণ আৰু লেহেমীয়া কামৰ বাবে নদীপৰীয়া ৰাইজে বাৰিষাত ফল ভোগ কৰিব লগাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে । তাৎপৰ্যপূৰ্ণ বিষয় যে ঠিকাদাৰৰ এনে নিম্নমানৰ কাম সন্দৰ্ভত ৰহস্যজনক নীৰৱতা অৱলম্বন কৰিছে জলসম্পদ বিভাগৰ বিষয়াৰ লগতে অভিযন্তাই । বিভাগটোৰ এইসকল বিষয়াই চকু মুদা কুলিৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ সুযোগ গ্ৰহণ কৰি ঠিকাদাৰে নিম্ন মানৰ কাম কৰি আঁচনিৰ ধনৰ সিংহভাগ জেপত সোমোৱাৰ উপৰি ইয়াৰ এক অংশ চৰকাৰী বিষয়া, দিছপুৰ পৰ্যন্ত ভাগ বতৰা হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে ।

বিভাগীয় কৰ্তৃপক্ষৰ নীৰৱ ভূমিকাৰ বিৰুদ্ধে যোৰহাটৰ স্থানীয় ৰাইজ ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Rahul gandhi tweet on Adani : ৰাহুল গান্ধীক আদালতত দেখা কৰিব হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.