ETV Bharat / state

ত্ৰিলোচন মহাপাত্ৰ আৰু কুশল কোৱৰ শৰ্মালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী অসম কৃষি বিশ্ববিদ্যালয়ৰ

author img

By

Published : Mar 1, 2022, 8:17 PM IST

ত্ৰিলোচন মহাপাত্ৰ আৰু কুশল কোৱৰ শৰ্মালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিব অসম কৃষি বিশ্ববিদ্যালয়ে (Honorary doctorate degree by Assam Agricultural University) । অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবৰ্তনত প্ৰদান কৰিব এই বিশেষ সন্মান ।

aau-22th-convocation
ত্ৰিলোচন মহাপাত্ৰ আৰু কুশল কোৱৰ শৰ্মালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী অসম কৃষি বিশ্ববিদ্যালয়ৰ

যোৰহাট , ২২ মাৰ্চ: আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৃষি বিজ্ঞানী, ভাৰত চৰকাৰৰ কৃষি শিক্ষা আৰু গৱেষণা বিভাগৰ সচিবপ্ৰধান তথা ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ত্ৰিলোচন মহাপাত্ৰ আৰু পশু শৈল চিকিৎসা বিশেষজ্ঞ তথা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ শৈল চিকিৎসা বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক কুশল কোৱৰ শৰ্মালৈ অসম কৃষি বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী আগবঢ়াই । অহা ৩ মাৰ্চ তাৰিখে অনুষ্ঠিত হবলগীয়া অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২ সংখ্যক সমাবৰ্তনখনত (aau 22th convocation ) প্ৰদান কৰা হ'ব এই ডিগ্ৰী ।

বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই সমাবৰ্তনত অসমৰ মাননীয় ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে পৌৰহিত্য কৰিব । সমাবৰ্তনত সন্মানীয় অতিথি হিচাপে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই অংশ গ্ৰহণ কৰাৰ লগতে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ।

হাইব্ৰীড ব্যৱস্থাপনাৰে (অনলাইন আৰু অফলাইন) হবলগীয়া এই সমাবৰ্তনত বিগত দুটা বছৰৰ সৰ্বমুঠ ১৩৬৯ শিক্ষাৰ্থীক স্নাতক , স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰীসমুহ প্ৰদান কৰা হব । এই অনুষ্ঠানতে বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা ৪৭ গৰাকী শিক্ষাৰ্থীক সোণৰ পদক তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাৰ নগদ ধনৰ পুৰস্কাৰসমুহো প্ৰদান কৰা হব ।

লগতে পঢ়ক: ইউক্ৰেইনত নিহত হ’ল ভাৰতীয় ছাত্ৰ নবীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.