ETV Bharat / state

যোৰহাটত কেন্সাৰ হাস্পতাল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ - যোৰহাটত স্বাস্থ্যমন্ত্ৰী নব ৰ্নিমিত কেন্সাৰ হাস্পতাল পৰিদৰ্শন

অহা ২৮ এপ্ৰিলত অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হ'ব এক যুগান্তকাৰী পদক্ষেপৰ । টা টা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত অসমত নিৰ্মাণ কৰা কেন্সাৰ হাস্পতালসমূহৰ সাতখন হাস্পতাল পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Health Minister visits newly made Cancer Hospital in Jorhat )।

health-minister-visits-newly-made-cancer-hospital-in-jorhat
যোৰহাটত স্বাস্থ্যমন্ত্ৰী কেন্সাৰ হাস্পতাল পৰিদৰ্শন
author img

By

Published : Apr 26, 2022, 10:51 PM IST

যোৰহাট, 26 এপ্ৰিল : অহা ২৮ এপ্ৰিলত অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হ'ব এক যুগান্তকাৰী পদক্ষেপৰ । মঙলবাৰে যোৰহাটত নিৰ্মীয়মান কেন্সাৰ হাস্পতালখন পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । টা টা ট্ৰাস্ট আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত গঠিত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছনৰ দ্বাৰা অসমত নিৰ্মাণ কৰা হ'ব ১৮ খন বিভিন্ন পৰ্যায়ৰ কেন্সাৰ কেয়াৰ হাস্পতাল । ইয়াৰে 10 খন হাস্পতালৰ নিৰ্মাণৰ কাম ইতিমধ্যে অব্যাহত ।

লেভেল 1, লেভেল 2 আৰু লেভেল 3 অৰ্থাৎ চিকিৎসালয় তথা গৱেষণা প্ৰতিষ্ঠান, ৱাৰ্ড সন্নিবিষ্ট চিকিৎসালয় আৰু ডে’ কেয়াৰ চিকিৎসালয় এই তিনিটা পৰ্যায়ৰ কেন্সাৰ হাস্পতাল অসমত টাটা ট্ৰাষ্ট আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা হৈছে । ২৮ এপ্ৰিলত সাতখন কেন্সাৰ হাস্পতাল আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে (PM Modi visit in Assam) । ইয়াৰ ভিতৰত আছে যোৰহাটৰ জেএমচিএইচৰ(JMCH)চৌহদত নিৰ্মাণ কৰা কেন্সাৰ হাস্পতালখনো ৷ ২৮ এপ্ৰিলৰ পূৰ্বেই সাজু হৈ উঠিব এই চিকিৎসালয়সমূহ ।

যোৰহাটত স্বাস্থ্যমন্ত্ৰী কেন্সাৰ হাস্পতাল পৰিদৰ্শন

উল্লেখ্য যে, অসমত নিৰ্মাণ কৰা কেন্সাৰ হাস্পতাল সমূহত ৰোগীসকলে কেম’ থেৰাপি, ৰেডিয়েশ্যন থেৰাপিকে ধৰি সকলোখিনি উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰিব । যোৰহাটৰ চিকিৎসালয়খনত ৰোগী থকাৰ ব্যৱস্থা নাথাকিব । কিন্তু অসমত নিৰ্মাণ কৰা এই কেন্সাৰ হাস্পতালসমূহত কেন্সাৰ ৰোগ ধৰা পেলোৱা পৰীক্ষাসমূহৰ দ্বাৰা ৰোগীসকল আৰু অধিক উপকৃত হ'ব ।

ইফালে অসম তথা উত্তৰ পূৰ্বাঞ্চলত কেন্সাৰ ৰোগীৰ আধিক্যৰ প্ৰতি লক্ষ্য ৰাখি টা টা ট্ৰাষ্টৰ বিশেষ অৱদানেৰে নিৰ্মাণ কৰা এই অত্যাধুনিক কেন্সাৰ হাস্পতালসমূহৰ দ্বাৰা হাজাৰ হাজাৰ লোক উপকৃত হ'ব বুলি সদৰী কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : জিগনেশ মেৱানীক আক্ৰোশমূলক হিচাপে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে : বিৰোধী দলপতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.