ETV Bharat / state

নিজ হাতে গামোচা বোৱাৰ প্ৰয়াস এজন যুৱকৰ

সন্মুখত ৰঙালী বিহু ৷ ৰাজ্যৰ বোৱাৰী-জীয়াৰীৰ লেখীয়াকৈ টীয়কৰ বলমা লাহন গাঁৱৰ বিশ্বজিৎ লাহন নামৰ যুৱকজনেও নিজ হাতেৰে বইছে গামোচা ৷ প্ৰথম প্ৰচেষ্টা হিচাপে নিজে বোৱা গামোচাসমূহ বিক্ৰী নকৰি গাঁৱৰ হুচৰিত বস্ত্ৰদান কৰিব বিশ্বজিতে ৷

teok youth
টীয়কৰ যুৱক
author img

By

Published : Apr 7, 2021, 1:01 PM IST

টীয়ক,7 এপ্ৰিল : নিৰ্বাচন শাম কটাৰ লগে লগে ৰঙালী বিহুক আদৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্যবাসীয়ে ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ যোৰহাট জিলাৰ টীয়কতো দেখিবলৈ পোৱা গৈছে ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি ৷ বোৱাৰী-জীয়াৰীৰ সমানেই তাঁতশালত ব্যস্ত হৈ পৰিছে টীয়কৰ বলমা লাহন গাঁৱৰ বিশ্বজিৎ লাহন নামৰ যুৱকজন ৷

টীয়কৰ যুৱক

তাঁতশালত ব্যস্ত বিশ্বজিতে কামৰ সৰু-বৰ নাই বুলি অনুধাৱন কৰি বহিঃৰাজ্যৰ আমদানিকৃত গামোচাৰ প্ৰয়োভৰ ৰোধৰ বাবে সকলোৱে এনে প্ৰয়াস অব্যাহত ৰাখিবলৈ আহ্বান জনায় । লগতে সততে সামাজিক মাধ্যমত তথা ৰাজপথত জাতীয়তাবাদৰ পৰিচয় দিব খোজাসকলকো হাতে-কামে লাগি প্ৰকৃত জাতীয়তাবাদ প্ৰতিষ্ঠাৰ বাবে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় যুৱকজনে ৷

এই মানসিকতাই গ্ৰাম্য অৰ্থনীতিকো ত্বৰান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে বিশ্বজিতে । উল্লেখ্য যে, বিশ্বজিতৰ এয়া প্ৰথম প্ৰচেষ্টা ৷ সেয়ে এইবাৰ নিজে বোৱা গামোচাসমূহ বিক্ৰী নকৰি গাঁৱৰ হুঁচৰিত পৰম্পৰা ৰক্ষা কৰি বস্ত্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : বিলাসীপাৰাত ভয়ংকৰ অগ্নিকাণ্ডত আহত ছয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.