ETV Bharat / state

চাৰিযুৱকৰ বাবে জাঁজীমুখত আতংক !

author img

By

Published : Mar 23, 2020, 1:55 PM IST

কেৰালাৰ পৰা অহা চাৰি যুৱকক লৈ টীয়কত আতংক ৷ জাঁজীমুখেৰে হাত নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হ'বলৈ লওঁতেই যুৱক চাৰিজনক আটক কৰে আৰক্ষীয়ে ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত অৱশ্যে যাবলৈ দিয়া হয় তেওঁলোকক ৷

four people traveled to jorhat from Kerala

টীয়ক,23 মাৰ্চ : কেৰালাৰ পৰা অহা চাৰি যুৱকক লৈ আতংকৰ সৃষ্টি হৈছে টীয়কৰ জাঁজীমুখত ৷ মৰিয়নী ৰে'ল ষ্টেচনত নামি প্ৰায় ৩৫ কিলোমিটাৰ পথ খোজকাঢ়ি আহি সোমবাৰে পুৱা জাঁজীমুখত উপস্থিত হৈছিল যুৱককেইজন। মাজুলীৰ এই যুৱক চাৰিজনে কমলাবাৰী-নিমাতী ঘাট সংযোগী ফেৰী সেৱা বন্ধ হৈ থকাত জাঁজীমুখেৰে হাত নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হ'বলৈ আহিছিল । যুৱক চাৰিজনৰ সন্দৰ্ভত আৰক্ষী তথা প্ৰশাসনক খবৰ দিয়াত তেওঁলোকক টীয়ক এফ আৰ ইউলৈ আনি স্বাস্থ্য পৰীক্ষা কৰা হয়। প্ৰাথমিক পৰীক্ষাত যুৱক কেইজনৰ দেহত কৰ'ণা ভাইৰাছৰ কোনো সন্দেহজনক লক্ষণ দেখা নোপোৱাত তেওঁলোকক প্ৰশাসনে আত্মীয়ৰ সহযোগত চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়ে। ইয়াৰ লগতে অনাগত ১৪ টা দিন চিকিৎসকৰ পৰামৰ্শ মতে ঘৰতে আছুতীয়াকৈ থাকিবলৈও যুৱককেইজনক নিৰ্দেশ দিয়ে প্ৰশাসনে।

চাৰিযুৱকৰ বাবে জাঁজীমুখত আতংক

লগতে পঢ়ক : কৰ'ণাৰ সজাগতা : বৰপেটাত স্তব্ধ জনজীৱন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.