ETV Bharat / state

'আমাৰ গাঁও, আমাৰ কাম' আঁচনি মুকলি তিতাবৰৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতাৰ

author img

By

Published : Aug 20, 2021, 10:01 PM IST

'আমাৰ গাঁও, আমাৰ কাম' আঁচনি মুকলি কৰিলে তিতাবৰৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতাই ৷ এই আঁচনিৰ জৰিয়তে থুলৱা শিপিনী সকলৰ দ্বাৰা প্ৰথমে 5,000 গামোচা তৈয়াৰ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে বুলি জানিবলৈ দিলে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷

Former MLA Hemanta Kalita pressmeet
'আমাৰ গাঁও, আমাৰ কাম' আঁচনি মুকলি তিতাবৰৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতাৰ

যোৰহাট, 20 আগষ্ট : সমবায় আন্দোলনক গতিশীল কৰা লক্ষ্যৰে 'আমাৰ গাঁও, আমাৰ কাম' আঁচনি মুকলি কৰিলে তিতাবৰৰ প্ৰাক্তন বিধায়ক হেমন্ত কলিতাই ৷ এই উপলক্ষে যোৰহাট প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰে তিতাবৰৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷ 'আমাৰ পথাৰ, আমাৰ বজাৰ' নীতিৰে এই আঁচনি গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে প্ৰাক্তন বিধায়ক হেমন্ত কলিতাই ৷

সংবাদমেলত প্ৰাক্তন বিধায়ক গৰাকীয়ে কয়, এই আঁচনিৰ জৰিয়তে থলুৱা শিপিনী সকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ থুলৱা শিপিনী সকলৰ দ্বাৰা প্ৰথনে 5,000 গামোচা তৈয়াৰ কৰাৰ পদক্ষেপ এই আঁচনিৰ জৰিয়তে গ্ৰহণ কৰা হৈছে ৷ এই কাৰ্যই থলুৱা শিপিনীসকল স্বনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে হেমন্ত কলিতাই ৷

লগতে পঢ়ক: শনিবাৰে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব চৰকাৰে

ইয়াৰোপৰি 'আমাৰ গাঁও, আমাৰ কাম' আঁচনিৰ জৰিয়তে কেৱল মহিলা-যুৱতী সকলৰ বাবেই যে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব তেনে নহয় ৷ এই আঁচনিৰ জৰিয়তে গাঁৱৰ ডেকা সকলৰ সংস্থাপনৰ দিশটোকো সামৰি লোৱা হ'ব ৷' সংবাদমেলত এই কথা জানিবলৈ দিয়ে প্ৰাক্তন বিধায়ক হেমন্ত কলিতাই ৷

প্ৰাক্তন বিধায়ক গৰাকীয়ে লগতে কয়, এই আঁচনিৰ জৰিয়তে তিতাবৰ সমষ্টিৰ তিনিটাকৈ সমষ্টিত দুগ্ধগাম, মৎসগাম আদি গঢ়ি তোলাৰ বাবে কাৰ্যপন্থা হাতত লোৱা হৈছে ৷ যাতে গাঁৱৰ ডেকা সকলে ইয়াৰ দ্বাৰা স্বাৱলম্বী হ'ব পাৰে ৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগতে যোৰহাট জিলাৰ সাংসদ তপন কুমাৰ গগৈ সহ অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীয়ে প্ৰয়োজন সাপেক্ষে সহায় কৰাৰ আশ্বাস দিছে বুলি সংবাদমেলত সদৰি কৰে হেমন্ত কলিতাই ৷

লগতে পঢ়ক: গুৱাহাটীৰ ৰাজীৱ ভৱনত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.