ETV Bharat / state

Palm Oil Cultivation : তৈল খেজুৰৰ খেতিয়ে ভাবুকি কঢ়িয়াই আনিব অসম জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ; পদ্মশ্ৰী যাদৱ পায়েং

পাম অইল খেতিয়ে অসমৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিব । এই মন্তব্য অৰণ্য মানৱ খ্যাত পদ্মশ্ৰী যাদৱ পায়েঙৰ । লগতে অসমৰ নদ-নদীলৈ ঘোৰ অন্ধকাৰ কঢ়িয়াই আনিব বুলিও তেওঁ কয় ।

পদ্মশ্ৰী যাদৱ পায়েং
Palm Oil Cultivation
author img

By

Published : Aug 15, 2023, 5:35 PM IST

পাম অইলৰ খেতিৰ বিৰোধিতা যাদৱ পায়েঙৰ

যোৰহাট, ১৫ আগষ্ট : শেহতীয়াভাৱে অসম চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাজ্যত ব্যাপক হাৰত পাম অইল বা তৈল খেজুৰৰ খেতিৰ পদক্ষেপ হাতত লোৱা হৈছে । চৰকাৰৰ এই শেহতীয়া পদক্ষেপে ৰাজ্যৰ অৰ্থনীতিত এক ব্যাপক অৱদান আগবঢ়াব বুলি চৰকাৰী পক্ষই দাবী কৰাৰ বিপৰীতে এই খেতিৰে অনাগত দিনত ৰাজ্যখন চৰম ভাবুকিৰ সন্মুখীন হব বুলিও বিভিন্ন পক্ষই দাবী কৰিছে ।

বিশেষকৈ অসমৰ পাৰিপাৰ্শ্বিক দিশত চৰম প্ৰভাৱ পৰিব বুলি প্ৰকৃতিপ্ৰেমী সংগঠন তথা বিভিন্ন পক্ষই দাবী কৰিছে । বিশেষকৈ তৈল খেজুৰৰ খেতিৰ প্ৰভাৱত ৰাজ্যখন অনাগত দিনত খৰাংপীড়িত অঞ্চললৈ ৰূপান্তৰিত হ'ব বুলিও দাবী কৰা হৈছে । ইয়াৰ উপৰি কেইবাখনো দেশ তথা ৰাজ্যই পাম অইলৰ খেতিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো অসম চৰকাৰে এই ক্ষেত্ৰত আগভাগ লোৱাটো এক হঠকাৰী সিদ্ধান্ত বুলি চৰ্চিত হৈছে ।

এইবাৰ অসমত পাম অইলৰ খেতি কৰিবলৈ লোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে অৰণ্য মানৱ তথা পদ্মশ্ৰী যাদৱ পায়েঙে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অপ্ৰয়োজনীয় খেতি আৰু গছ-গছনি ৰোপণ কৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান তথা অনুৰোধ জনায় যাদৱ পায়েঙে । তেওঁ কয় যে অসম কৰিবলৈ লোৱা পাম অইল খেতিয়ে ৰাজ্যত বসবাস কৰি থকা থলুৱা জনগোষ্ঠীয় লোকসকলক বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিব । লগতে সৰিয়হ খেতি সমুলঞ্চে ধ্বংস কৰি পেলাব বুলিও তেওঁ কয় ।

ইতিমধ্যে মিজোৰামত আৰম্ভ কৰা পাম অইল খেতিৰ বাবে এখন নদী পানী শুকাই যোৱাৰ দৰে ভয়ঙ্কৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে । ফলত মিজোৰামত পাম অইল খেতিক নিষিদ্ধ কৰাৰ হৈছে । লগতে তেওঁ কয় যে পাইম অইল খেতিৰে অসমৰ মূল নদী ব্ৰহ্মপুত্ৰৰ লগতে অন্য নদীসমূহলৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিব । ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ পানী পৰিমাণ বহু পৰিমাণে কমি গৈছে । লগতে অসমৰ বনাঞ্চলসমূহৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিব আৰু ফলত জীৱ-জন্তুৰ সংখ্যা হ্ৰাস পাব বুলিও তেওঁ কয় ।

আনহাতে, হাতী-মানুহৰ সংঘাত তীব্ৰ হাৰত বৃদ্ধি পাব বুলি উল্লেখ কৰি যাদৱ পায়েঙে লগতে অসমৰ মাটি পাম অইলৰ বাবে উপযোগী নে অনুপযোগী সেয়া গৱেষণা কৰিবলৈও ৰাজ্য চৰকাৰক আহ্বান জনায় । কাৰণ ২৮ বছৰ পিছত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে পানীৰ বাবে হাহাকাৰ লাগিব বুলিও তেওঁ ভৱিষ্যদ্বাণী কৰে । যাদৱ পায়েঙৰ আহ্বান, চিৰসেউজ অসম চিৰসেউজ হৈ থাকিবলৈ দিয়ক । উল্লেখ্য যে পাম অইল খেতিৰ বাবেই শ্ৰীলংকা আৰু ইণ্ডোনেছিয়া ভয়াৱহ দুৰ্যোগৰ কবলত পৰিছিল । সেয়েহে দেশ দুখনত তৈল খেজুৰৰ খেতি নিষিদ্ধ কৰে চৰকাৰে ।

লগতে পঢ়ক :77th Independence Day : স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্রীৰ প্ৰতিশ্ৰুতি আৰু বিকাশৰ জয়গান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.