ETV Bharat / state

ঘৰচীয়া হাতীৰ আক্ৰমণঃ চিকিৎসাধীন দুজন

author img

By

Published : Apr 17, 2019, 8:58 PM IST

যোৰহাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ বালিজান গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে এটা ঘৰচীয়া হাতীয়ে ৷ হিংস্ৰ হৈ পৰা হাতীটো নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগ তথা হাতীৰ মালিকক অনুৰোধ জনোৱাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এইদৰে আক্ৰমণৰ বলি হয় স্থানীয় লোক দুজন ৷

ঘৰচীয়া হাতীৰ আক্ৰমণ

তিতাবৰ, 17 এপ্ৰিলঃ ৰাজ্যৰ বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত থকাৰ সময়তে এইবাৰ ঘৰচীয়া হাতীৰ আক্ৰমণত আহত হয় দুগৰাকী লোক ৷ যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৱৰ্তী বালিজান গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷

ঘৰচীয়া হাতীৰ আক্ৰমণ

ঘটনা অনুসৰি, বাবলি সিং নামৰ এগৰাকী লোকৰ দুটাকৈ পোহনীয়া হাতীৰ এটা বলিয়া হোৱাৰ ফলতে মানুহক আক্ৰমণ কৰে ৷ হিংস্ৰ হৈ পৰা হাতীটো নিয়ন্ত্ৰণ কৰিবলৈ বন বিভাগ তথা হাতীৰ মালিকক অনুৰোধ জনোৱাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এইদৰে আক্ৰমণৰ বলি হয় স্থানীয় লোক দুজন ৷ আঘাতপ্ৰাপ্ত লোকদুজন ইছলাম আলী আৰু পেটুৱা চুতীয়া বুলি জানিব পৰা গৈছে ৷ আঘাতপ্ৰাপ্ত দুয়োগৰাকী লোককে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ৷

ASssign to Simanta
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.