ETV Bharat / state

যোৰহাটৰ মালৌখাতত বান

ভোগদৈৰ বাঢ়নী পানীত ডুব গৈছে যোৰহাট জিলাৰ মালৌখাত অঞ্চল । বহু কৃষি ভূমি বৰ্তমান পানীৰ তলত

যোৰহাটৰ মালৌখাতত বান
author img

By

Published : Jun 25, 2019, 9:16 AM IST

যোৰহাট,২৫জুন : যোৰহাট জিলাৰ মালৌখাতত ভোগদৈৰ বিভীষিকা । বৃহৎ কৃষি ভূমি বুৰ গৈছে ভোগদৈৰ পানীত । বিগত এটা মাহ ধৰি অঞ্চলটো ডুব গৈ আছে পানীৰ তলত । উল্লেখ্য যে, ভোগদৈৰ বাঢ়নী পানীয়ে ভোগদৈ মাথাউৰিৰ বৃহৎ অংশ নিমিষতে ছিঙি নিয়াৰ ফলত পানীয়ে বুৰাই পেলাই মালৌখাত অঞ্চল ৷

ইপিনে স্থানীয় ৰাইজে চৰকাৰক বান ৰোধৰ বাবে স্থানীয় ৰাইজে আহ্বান জনায় আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ।

ভোগদৈৰ বিভীষিকাত একালৰ মালৌখাত পৰিল ছন।।বিঘা বিঘা কৃষি ভুমি নদীলৈ পৰিণত।।

কিমান খেলিব আৰু চৰকাৰ আৰু জল সম্পদ বিভাগে গূপন খেলা ৰাইজৰ লগত।।

একালৰ নদন-বদন ভোগৰ-ভোগালী মালৌখাতত এতিয়া ভোগদৈৰ বিভীষিকা।।
বিঘা বিঘা কৃষি ভুমিৰ ওপৰৰে ভোগদৈৰ ঘোলা পানী।যেন পথাৰ নহয় নদীহে।
কৃষি ওপৰত নিৰ্ভৰশীল ৰাইজৰ মাজত হাহাকাৰ অৱস্থা।বিগত এটা মাহ ধৰি পানীৰ তলত হেপাহৰ ঘৰখন।উদং ভৰাল,উদং গোহালী।পানীৰ ভয়ত ঘৰ-দূৱাৰ এৰি আশ্ৰয় আন কৰবাত।কাৰ কাৰণে কিহৰ দূখত।।
কাৰ ভুলৰ বাবে ভুগিব লগিয়া হৈছে এনে অৱস্থা।
নদীৰ বাঢ়নী পানীয়ে যাতে উফন্দি কাষৰীয়া গাও সমূহত সন্ত্ৰাস সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে বন্ধা হয় মাথাউৰি।কিন্তু ৬০,৭০ বছৰীয়া বয়সীয়া মাথাউৰিয়ে কিদৰে ৰূদ্ধিব পাৰে ভৰ-বাৰিষাৰগাভৰু বানৰ ভয়াবহতা।
চৰকাৰী এটা বিভাগৰ ফল ভুগিছে বৃহত্তৰ অঞ্চলৰ গাৱবাসীয়ে।
জল সম্পদ বিভাগৰ কু-ফল ভুগিব লগা হৈছে উত্তৰ পশ্চিম যোৰহাটৰ মালৌখাত অঞ্চলৰ বহু কেইখন গাৱৰ ৰাইজে।
যোৱা ২২ মে তাৰিখৰ দিনা হঠাতে ভোগদৈৰ বাঢ়নী কোবাল পানীয়ে নিমিখতে ছিঙি নিলে ভোগদৈ মাথাউৰি বৃহৎ অংশ।তাৰ পাছৰ পৰাই এতিয়া মালৌখাতত অবনৰ্ণী অৱস্থা।চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি।
সাৰুৱা খেতি ভুমি এতিয়া বালিৰ তৰপ।বিঘা বিঘা ভুমিৰ ওপৰেদি ভোগদৈৰ নতুন গতি।
কলিয়াপানী পৰিণত হৈ পৰিল ভোগৰ ভোগালী মালৌখাত।

ধান পকা লৈকে তুনীৰ মৰন হোৱাৰ দৰে এতিয়া খৰালি অহাৰ বাহিৰে গত্যন্ত নাই এইসকল গাওবাসীৰ।
মুঠতে নিশা বৰষুণ দিলেই ভয়ত কম্পমান হয় গাওঁৰ ৰাইজ।কাৰন নিশাই আকৌ কোলাত কেচুৱা লৈ দৌৰিব লাগিব ওখ ঠাইলৈ।

কিমান খেলিব আৰু চৰকাৰ আৰু চৰকাৰী জল সম্পদ বিভাগে গূপন খেলা ৰাইজৰ লগত।মালৌখাতত খেতি নহয় আৰু হবগৈ বৃহৎ এখন বালিৰ মৰুভূমি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.