যোৰহাট, 6 অক্টোবৰ: কৃত্ৰিম বানৰ কবলত যোৰহাট চহৰ ৷ নলাৰ সুচল ব্যৱস্থাৰ অভাৱত এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ মঙলবাৰে দিনৰ ভাগত হোৱা আহিনৰ এজাক বৰষুণে বুৰাই পেলালে চহৰখন ৷ কৃত্ৰিম বানৰ কবলৰ পৰা সাৰি নগ'ল উপায়ুক্তৰ কাৰ্যালয়,উকীল সন্থাৰ কাৰ্যালয়,চৰকাৰী বালক বিদ্যালয়ৰ পথকে ধৰি,মুখ্য ডাকঘৰ আৰু নিউভিল ৰোডো ৷
লগতে পঢ়ক: কৰিমগঞ্জত বিধ্বস্ত অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথ