ETV Bharat / state

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক সমীৰণ বৰদলৈৰ দেহাৱসান - শেষ শ্ৰদ্ধাজ্ঞলি

অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক, একালৰ ছাত্ৰ নেতা সমীৰণ বৰদলৈৰ দেওবাৰে পুৱা নিজ বাসগৃহত দেহাৱসান ঘটে ৷ দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত সমীৰণ বৰদলৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে দল-সংগঠনে ৷

ex-assam-sahitya-sabha-general-secretary-samiran-bordoloi-passes-away
অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক সমীৰণ বৰদলৈৰ দেহাৱসান
author img

By

Published : May 30, 2021, 1:28 PM IST

যোৰহাট,30 মে’: দেওবাৰে অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক, একালৰ ছাত্ৰ নেতা সমীৰণ বৰদলৈৰ দেহাৱসান ঘটে ৷ প্ৰয়াত বৰদলৈ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া জগতৰ লগতো জড়িত আছিল ৷ কেইবামাহ আগৰে পৰা এক জটিল ৰোগত আক্ৰান্ত হৈ থকা বৰদলৈয়ে দেওবাৰে পুৱা 7.15 বজাত যোৰহাটৰ তৰাজান সোণাৰি গাঁৱৰ বাসগৃহত ইহলীলা সম্বৰণ কৰে ৷

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক সমীৰণ বৰদলৈৰ দেহাৱসান

তেখেতৰ মৃত্যুত সমগ্ৰ যোৰহাট জিলাতে শোকৰ ছাঁ বিৰাজ কৰিছে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 60 বছৰ ৷ প্ৰয়াত বৰদলৈয়ে পত্নীসহ তিনি গৰাকী কন্যাক এই সংসাৰত এৰি থৈ গৈছে ৷ যোৰহাট জিলা সাহিত্য সভাই তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ বৰদলৈৰ প্ৰতি সন্মান জনাই ৰাজ্যৰ প্ৰতিটো সাহিত্য সভাৰ কাৰ্যালয়ত তিনি দিনলৈ পতাকা অৰ্ধনমিত কৰি ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

উল্লেখ্য যে, একালৰ ছাত্ৰ নেতা গৰাকীৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷ বৰদলৈৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জুল খাউণ্ডে সতীৰ্থসকলৰ সৈতে গভীৰ শোক প্ৰকাশ কৰে ৷

লগতে পঢ়ক : কলিয়াবৰত স্বাস্থ্যমন্ত্ৰীৰ ক’ভিড পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.