ETV Bharat / state

ৰেলৰ খুন্দাত বন্যহস্তীৰ মৃত্যু - বন্যহস্তী

মৰিয়নীৰ ধপাত বাৰীত ফৰকাটিং পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা টুইন ইঞ্জিনৰ খুন্দাত মৃত্যু বন্যহস্তীৰ । ৰেলৰ নিয়ন্ত্ৰণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ অভিযোগ ৰেল বিভাগৰ বিৰুদ্ধে ৷

elephant
elephant
author img

By

Published : Nov 25, 2020, 11:08 AM IST

যোৰহাট, 25 নৱেম্বৰ : ৰেলৰ খুন্দাত মৃত্যু এটা বন্যহস্তীৰ । মৰিয়নীৰ ধপাত বাৰীত ফৰকাটিং পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা টুইন ইঞ্জিনৰ খুন্দাত মৃত্যু হয় হাতী পোৱালীটোৰ । তীব্ৰ গতিৰে আহি থকা ১২৯০১ আৰু ৭০৪৮৮ নম্বৰৰ ইঞ্জিন দুটাই খুন্দা মাৰে হাতী পোৱালিটোক ৷ পথৰ দাঁতিত পৰি থকা হাতী পোৱালিটোৰ কাষত আছে মাক ৷

ৰেলৰ খুন্দাত বন্যহস্তীৰ মৃত্যু
ৰেল বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজ আৰু বনবিভাগৰ ক্ষোভ ব্যক্ত কৰিছে সেই স্থানত ৷ ৰেলৰ নিয়ন্ত্ৰণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ অভিযোগ ৰেল বিভাগৰ বিৰুদ্ধে ৷ বিগত কিছু বছৰ ধৰি এনেদৰে হাতী মৃত্যু ঘটি আহিছে ৷ গোলাঘাট আৰু যোৰহাটৰ বিভিন্ন স্থানত বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত চলি আছে ৷ হাতীৰ আক্ৰমণত ধন-জন হানি হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈ আহিছে ৷ ইয়াৰ মাজতে বহু কেইটা বন্যহস্তীও মৃত্যুমুখত পৰিছে সেই অঞ্চল সমূহত ৷

লগতে পঢ়ক : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধা জনাই অৰ্ধনমিত কৰা হ’ল গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.