ETV Bharat / state

মহাষ্টমীৰ নিশা জনসমুদ্ৰত পৰিণত যোৰহাট গড়আলি

author img

By

Published : Oct 14, 2021, 2:26 PM IST

ক’ভিড ভয়াবহতাক লৈ যেন এতিয়াও সজাগ নহয় জনতা ৷ মহাষ্টমীৰ নিশা ইয়াকে পুনৰবাৰ প্ৰতিপন্ন কৰিলে যোৰহাটবাসীয়ে ৷ চৰকাৰী ক’ভিড নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ অধিকাংশ ভক্তপ্ৰাণ ৰাইজৰ ৷

durga-puja-celebration-at-jorhat
মহাষ্টমীৰ নিশা জনসমুদ্ৰত পৰিণত যোৰহাট গড়আলি

যোৰহাট, 14 অক্টোবৰ : ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে এটা বছৰ বিৰতিৰ পাছত এইবাৰ অনুষ্ঠিত হৈছিল শাৰদীয় দুৰ্গোৎসৱ ৷ ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰম অনিশ্চয়তাৰ মাজত থকাৰ পাছত চৰকাৰে বহু নীতি নিৰ্দেশনাৰ মাজত এইবাৰ দুৰ্গোৎসৱ আয়োজন কৰাৰ অনুমতি প্ৰদান কৰিছিল ৷

Durga Puja Celebration at Jorhat
মহা অষ্টমীৰ নিশা জনসমুদ্ৰত পৰিণত যোৰহাট গড়আলি

শাৰদীয় পূজাৰ সময়ত যাতে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি নহয় তাৰবাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে জাৰি কৰিছিল এছ অ’ পি । পূজাৰ সময়ত দৰ্শনাৰ্থীৰসকলক বিশেষকৈ সামাজিক দূৰত্ব, মুখত মাস্ক আৰু ছেনিটাইজাৰ লগত আনিবলৈ জাৰি কৰিছিল নিদেৰ্শনা । কিন্তু যোৰহাটৰ ৰাইজে মহা অষ্টমীৰ সন্ধিয়া ক’ভিডক এক প্ৰকাৰৰ প্ৰত্যাহ্বান জনোৱাহে পৰিলক্ষিত হয় ৷

ভক্তপ্ৰাণ ৰাইজৰ আগমণত এক প্ৰকাৰৰ জনসমুদ্ৰত পৰিণত হয় যোৰহাট গড়আলি ৷ এই ভীৰৰ মাজত বহু লোকে ক’ভিডৰ নিদেৰ্শনা অনুসৰণ কৰা পৰিলক্ষিত হয় যদিও আন একাংশ লোকে এই নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰাহে দেখা যায় ৷ ক’ভিডৰ ভয়াবহতাক লৈ যেন এতিয়াও সজাগ নহয় এইসকল লোক ৷

সামাজিক দূৰত্ব মানি চলা তথা মাস্ক পৰিধান কৰাটো যেন এইসকল লোকৰ বাবে বহু দুৰূহ কথা ৷ মহা অষ্টমীৰ সন্ধিয়া জনসমুদ্ৰত পৰিণত হোৱা যোৰহাট চহৰখন নৱমী নিশা জনসমাগম কেনে হ’ব সেয়া নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন নাই ৷ পূজাৰ পাছত যে ৰাজ্যত পুনৰ এবাৰ ক’ভিডে ৰেকৰ্ড গঢ়িব সেয়া এক প্ৰকাৰে নিশ্চিত ।

লগতে পঢ়ক : ধুবুৰীত ছমাহৰ ভিতৰত মুকলি হ’ব মেডিকেল কলেজ : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.