ETV Bharat / state

যোৰহাটত একাংশ শৈল চিকিৎসকৰ অৱস্থান ধৰ্মঘট

শৈল চিকিৎসাত আন চিকিৎসা পদ্ধতি সংপৃক্তকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশৰ বিৰুদ্ধে শুকুৰবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিলে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষক, কণিষ্ঠ চিকিৎসক সকলে ৷

শৈল চিকিৎসকৰ অৱস্থান ধৰ্মঘট
শৈল চিকিৎসকৰ অৱস্থান ধৰ্মঘট
author img

By

Published : Dec 11, 2020, 6:43 PM IST

যোৰহাট, 11 ডিচেম্বৰ : আধুনিক শৈল চিকিৎসাত আন চিকিৎসা পদ্ধতি সংপৃক্তকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষক, কণিষ্ঠ চিকিৎসক সকলে ৷ প্ৰতিবাদকাৰী সকলৰ মতে সকলো ধৰণৰ চিকিৎসাৰে আছে নিজা নিজা বৈশিষ্ট্য ৷ যাৰ বাবে শৈল চিকিৎসাৰ সৈতে আন চিকিৎসা পদ্ধতিক সংপৃক্ত কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰী সকলে ৷

যোৰহাটত একাংশ শৈল চিকিৎসকৰ অৱস্থান ধৰ্মঘট

কেৱল যোৰহাটতে নহয় ৷ চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে শুকুৰবাৰে বিৰোধ প্ৰদৰ্শন কৰিলে সমগ্ৰ দেশৰে শৈল চিকিৎসকলে ৷ তেওঁলোকৰ হুংকাৰ, যিহেতু তেওঁলোকে আনৰ চিকিৎসা পদ্ধতিত কোনো ধৰণৰ হস্তক্ষেপ কৰা নাই সেয়ে, তেওঁলোকৰ চিকিৎসা পদ্ধতিতো তেওঁলোকে নিবিচাৰে আনৰ হস্তক্ষেপ ৷ শুকুৰবাৰে অৱস্থান ধৰ্মঘট কৰাৰ লগতে চিকিৎসা সেৱা প্ৰদানৰ পৰাও বিৰত থাকে চিকিৎসা মহাবিদ্যালয় খনৰ শিক্ষক, কণিষ্ঠ চিকিৎসকসকল ৷ অৱশ্যে ক'ভিড বা আন জৰুৰীকালীন চিকিৎসা অব্যাহত ৰাখে তেওঁলোকে ৷

লগতে পঢ়ক: শিৱসাগৰত চিকিৎসকৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.