ETV Bharat / state

শক্তিপীঠ শ্ৰীশ্ৰী বুঢ়ী গোঁসানী দেৱালয়ত ভক্তৰ লানি নিচিগা সোঁত - Burha Gosani Temple

NEW YEAR 2024: 2024 বৰ্ষৰ প্ৰথম দিনটোত যোৰহাট নগৰৰ মাজমজিয়াত থকা শ্ৰী শ্ৰী বুঢ়ী গোঁসানী দেৱালয়ত ভক্তৰ লানি নিচিগা সোঁত ৷

devotee crowded situation
শ্ৰীশ্ৰী বুঢ়ী গোঁসানী দেৱালয়ত ভক্তৰ লানি নিচিগা সোঁত
author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 2:30 PM IST

শ্ৰীশ্ৰী বুঢ়ী গোঁসানী দেৱালয়ত ভক্তৰ লানি নিচিগা সোঁত

যোৰহাট, 1 জানুৱাৰী : ভাল-বেয়াৰ মাজেৰে মেলানি মাগিলে 2023 বৰ্ষই । এই নতুন ক্ষণত সকলোৰে এটাই আশা, নতুন বছৰটোৱে যেন কঢ়িয়াই আনে সুখ, সমৃদ্ধি আৰু প্ৰশান্তি । এই উদ্দেশ্যকে আগত ৰাখি 2024 বৰ্ষৰ প্ৰথম দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নামঘৰ, মন্দিৰ আৰু দেৱালয়ত ভক্ত প্ৰাণ ৰাইজৰ ব্যাপক হাৰত ভিৰ পৰিলক্ষিত হয়, ইয়াৰ ব্যতিক্ৰম নহয় যোৰহাট নগৰৰ মাজমজিয়াত থকা শ্ৰী শ্ৰী বুঢ়ী গোঁসানী দেৱালয় ।

শক্তিপীঠ শ্ৰী বুঢ়ী গোঁসানী দেৱালয়ত পহিলা বৰ্ষৰ প্ৰথম দিনাৰ মা ওচৰত আশীষ বিচাৰি পুৱাৰ পৰাই ভক্তৰ লানি নিচিগা সোঁত দেখিবলৈ পোৱা গৈছে । সকলোৱে মাৰ ওচৰত ধূপ, চাকি, নৈবদ্য আগবঢ়ায় ৷ সকলোৰে এটাই প্ৰাৰ্থনা যে এই নতুন বছৰে কঢ়িয়াই আনক সকলোৰে মাজলৈ সুখ শান্তি আৰু সকলোৰে মাজত থাকক ভ্ৰাতৃবোধৰ চানেকি ৷

উল্লেখ্য যে, ৰাজ্যৰ ভিতৰতে অন্যতম ঐতিহ্যমণ্ডিত জাগ্ৰত শক্তিপীঠ হৈছে যোৰহাটৰ গড়আলিৰ সমীপৰ শ্ৰী শ্ৰী বুঢ়ী গোঁসানী দেৱালয়। 1794 চনত আহোমৰ শেষ ৰাজধানী যোৰহাটত স্থাপন কৰা সময়তে যোৰহাটত প্ৰতিষ্ঠা কৰা হৈছিল এই দেৱালয় । আহোম ৰজা ৰুদ্ৰ সিংহই জয়ন্তীয়া ৰজাক যুদ্ধত হৰুৱাই দেৱীক গড়গাঁওস্থিত ৰাজধানীত প্ৰতিষ্ঠা কৰিছিল।

বিশ্বাস আছিল যে এই দেৱীক আগত লৈ যুদ্ধলৈ গ’লে যুদ্ধ জয়ী হয় । 1794 চনৰ পৰা দেৱালয়ত নিতৌ পূজা অৰ্চনা কৰি আহিছে ভক্তপ্ৰাণ ৰাইজে । ভক্তপ্ৰাণ ৰাইজৰ মাজত এই দেৱালয়ৰ প্ৰতি আছে অগাধ বিশ্বাস । সেয়েহে বিদেশৰ পৰাও এই শক্তিপীঠলৈ ভক্তৰ আগমন ঘটে ।

জনবিশ্বাস অনুসৰি, এই দেৱালয়ত মা দেৱীৰ আশীৰ্বাদ ল’লে মনৰ আশা পূৰণ হয় । আৰু সেইবাবেই এই শক্তিপীঠলৈ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰাৰ বিভিন্ন সময়ত অগণন ভক্তৰ সমাগম ঘটে ।

লগতে পঢ়ক : নতুন বছৰত ন-উদ‍্যমেৰে কাম কৰিব অসম গণ পৰিষদে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.