যোৰহাট , 28 মে' : যোৰহাট পৌৰসভাৰ অকর্মণ্যতা আৰু অদূৰদৰ্শিতাই জীয়াতু ভুগাইছে যোৰহাটবাসীক ৷ যোৰহাট চহৰৰ সোঁ-মাজতে থকা পদ-পথত যিকোনো মূহুৰ্ততে সংঘটিত হ'ব পাৰে দুৰ্ঘটনা ৷ কান-সাৰ নাই যোৰহাট পৌৰসভাৰ ৷
পৌৰসভা কাৰ্যালয়ৰ মুখা-মুখিকৈ থকা ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ পদ-পদটো এটা সপ্তাহৰ পূৰ্বে বেংকৰ বাহনে ক্ষতিসাধন কৰাৰ পাচতো আজিলৈকে বেংকৰ কৰ্তৃপক্ষ অথবা যোৰহাট পৌৰসভাই পদ-পদটো পুনৰ মেৰামতি কৰাৰ ক্ষেত্ৰত প্ৰদান কৰা নাই গুৰুত্ব।ব্যাপক বেমেজালিৰ মাজেৰে ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ বছৰ শেষ কৰিলে যোৰহাটৰ পৌৰসভাখনে। কিন্তু কোনো ধৰণৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম নহ'ল বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।