যোৰহাট,7জুলাইঃ "কৰ'ণা ৰোগত নহয় এতিয়া খাবলৈ নাপাই ভোকাতুৰ হৈহে মৰিব লাগিব"- এয়া এগৰাকী ব্যৱসায়ীৰ ভাষ্য ৷ সমগ্ৰ বিশ্বতে এতিয়াও বিৰাজমান কৰ'ণাৰ ভয়াৱহতা ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন দেশৰ লগতে ভাৰততো দিয়া হৈছিল দীঘলীয়া লক্ ডাউন ৷ কিন্তু তাৰ পিছতো কমা নাই কৰ'ণা সংক্ৰমণৰ ভয়াৱহতা ৷ সমগ্ৰ দেশৰ লগতে অসমতো চলি আছে এতিয়া লক্ ডাউন, আন লক ব্যৱস্থা । ইয়াৰ পিছত আকৌ ৰাজ্যখনৰ বিভিন্ন জিলাত স্থানীয় প্ৰশাসনে নিজাববীয়াকৈ গ্ৰহণ কৰিছে কিছু কঠোৰ নীতি-নিৰ্দেশনা ৷ কিন্তু ইমানৰ পিছতো ৰোধ হোৱা নাই কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৷ দীঘলীয়া লক্ ডাউনে সাধাৰণ মানুহৰ জীৱন যাপন প্ৰক্ৰিয়াত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিছে ৷ আউল লাগিল সকলোৰে দৈনন্দিন জীৱন যাত্ৰাত ৷ এই দীঘলীয়া লক্ ডাউন, তাৰ লগতে স্থানীয় প্ৰশাসনে জাৰি কৰা কঠোৰ নিৰ্দেশনাৰ শেষত এতিয়া ক্ষুদ্ৰ-ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে ৷ যথেষ্ট শোচনীয় হৈ পৰিছে তেওঁলোকৰ অৱস্থা ৷ ব্যৱসায় শেষ হোৱাৰ দুশ্চিন্তাই জুৰুলা কৰিছে ব্যৱসায়ীসকলক ৷
যি সমুহ ক্ষুদ্ৰ ক্ষুদ্ৰ ইন্টাৰনেটৰ কেফে আছিল সেইসকল ব্যৱসায়ীৰ অৱস্থা এতিয়া একেবাৰে তথৈবচ ৷ কাৰণ নিজৰ লগতে কৰ্মচাৰী আৰু দৈনিক ভাড়া ঘৰৰ ধন, বৈদ্যুতিক বিল আদিও দিবলগীয়া হৈছে তেওঁলোকে । ইয়াৰ ফলত জীৱন নিৰ্বাহৰ চিন্তাই জুৰুলা কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীসকলক । সেয়েহে চৰকাৰলৈ বিশেষ অনুৰোধ জনাইছে ক্ষুদ্ৰ ব্যৱসায়ীসকলে ৷ তেওঁলোকে চৰকাৰৰ পৰা কিছু আৰ্থিক সুবিধা আশা কৰিছে ৷
দৰাচলতে এতিয়া প্ৰশ্ন হয়, কি হ'ব এওঁলোকৰ দৰে ক্ষুদ্ৰ ব্যৱসায়ীৰ ভৱিষ্যৎ ? পুনৰ আগৰ দৰে নিজৰ ভৰিত থিয় দিব পাৰিবনে তেওঁলোকে ? নে এনেকৈয়ে দুৰ্ভাৱনাৰ মাজেৰেই তেওঁলোকে কটাব লাগিব জীৱন ?
লগতে পঢ়কঃসুশান্তৰ অন্তিমখন ছবিৰ ট্ৰেইলাৰে ভাবুক কৰি তুলিলে অনুৰাগীক