ETV Bharat / state

জাঁজী নদীৰ খহনীয়া প্ৰতিৰোধত দুৰ্নীতিৰ অভিযোগ

টীয়কত জাঁজী নদীৰ দুৰ্বল মথাউৰিয়ে শংকা নমাইছে নদীপৰীয়া ৰাইজলৈ ৷ জাঁজী নদীৰ খহনীয়া প্ৰতিৰোধ নকৰাত ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ ৷

author img

By

Published : Feb 21, 2020, 12:55 PM IST

corruption at Teok
জাঁজী নদীৰ খহনীয়া প্ৰতিৰোধত দুৰ্নীতিৰ অভিযোগ

টীয়ক, 21 ফেব্ৰুৱাৰী : জলসম্পদ বিভাগৰ যোৰহাট সংমণ্ডলৰ অধীনস্থ টীয়কৰ বনাই আমতলকে ধৰি বিভিন্ন স্থানৰ সৰ্বসাধাৰণ ৰাইজলৈ জাঁজী নদীৰ খহনীয়াই শংকা নমাই আনিছে । জাঁজী নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে খৰালি সময়চোৱাত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । প্ৰতিবছৰে মথাউৰি নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ জৰাজীৰ্ণ মথাউৰিৰ ওপৰেদি নিতৌ এচাম অসাধু ব্যৱসায়ীয়ে বালি,পলস কঢ়িওৱা গাড়ী চলোৱাত সৃষ্টি হৈছে আন এক বিভিষিকাময় পৰিস্থিতিৰ । অবৈধ বালি, পলস কঢ়িওৱা গাড়ী সমূহ বন্ধ কৰাত ব্যৰ্থ জলসম্পদ আৰু বন বিভাগৰ লোক ৷ স্থানীয় ৰাইজে মথাউৰিৰ ওপৰত বাঁহৰ দাং বান্ধি অবৈধ নিৰ্মান কাৰ্য ৰোধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যদিও নিশা অবৈধ বালি ,পলস কঢ়িওৱা গাড়ীৰ চালকে এই সমূহ ভাঙি লুন্ঠন ৰাজ অব্যাহত ৰাখিছে বুলিও মন্তব্য কৰে স্থানীয় লোকে ।

আৰু পঢ়ক : টীয়ক নৈত সন্ধানহীন এজনঃ উদ্ধাৰ অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.