ETV Bharat / state

বিজেপিয়ে বিধায়ক বেচা-কিনা কৰি ৰাইজৰ ধন অপচয় কৰিছে : গৌৰৱ গগৈ - টীয়ক সমষ্টি

উপ নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যত অব্যাহত আছে বোকা ছটিওৱা ৰাজনীতি ৷ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিকেইটাৰ বাহিৰেও অন্য সমষ্টিতো অব্যাহত আছে শাসক-বিৰোধীৰ বাকযুদ্ধ ৷ ক’ৰবাত যদি বিজেপিয়ে কংগ্ৰেছক কটাক্ষ কৰিছে আন কৰবাত আকৌ বিজেপিক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিছে কংগ্ৰেছে ৷

Congress MP Gaurav Gogoi
সাংসদ গৌৰৱ গগৈ
author img

By

Published : Oct 25, 2021, 10:29 PM IST

টীয়ক, 25 অক্টোবৰ : ‘‘হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজনীতিত কালিমা সানিছে । ৰাজনীতিৰ নামত বিধায়ক বেচা-কিনা কৰি উপ নিৰ্বাচন পাতি লক্ষ লক্ষ ৰাইজৰ টকা অপচয় কৰিছে ৷ যাৰ ফলত দেশত মূল্যবৃদ্ধি হৈছে আৰু ই খাটি খোৱা জনতাক বাৰুকৈ প্ৰভাম্বিত কৰিছে ।’’ এই মন্তব্য কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ ৷

সাংসদ গৌৰৱ গগৈ

উল্লেখ্য যে, ৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া উপ নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে সোমবাৰে টীয়ক সমষ্টিত উপস্থিত হয় কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ ৷ যুৱনেত্ৰী পল্লবী গগৈৰ লগতে কেইবাজনো দলীয় কৰ্মীক লগত লৈ সমষ্টিৰ কেইবাগৰাকীও প্ৰবীন তথা জেষ্ঠ কংগ্ৰেছী নেতাৰ ঘৰে ঘৰে গৈ একোখনকৈ গামোচাৰে সেৱা জনায় ৷ তেওঁ কংগ্ৰেছৰ প্ৰতি তেওঁলোকৰ মহান ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি নামঘৰ আৰু মন্দিৰত সেৱা লয় । তেওঁ লগতে অনাগত দিনবোৰতো তেওঁলোকৰ দিহা পৰামৰ্শ কামনা কৰে ।

ইয়াৰ পাছতেই সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে, বৰ্তমান চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া এটাও প্ৰতিশ্ৰুতি আজি পৰ্যন্ত কাৰ্যক্ষম নকৰিলে, কেৱল প্ৰতিশ্ৰুতি প্ৰদান কৰিয়েই সাধাৰণ জনতাক আকৰ্ষণ কৰিবলৈ উঠি পৰি লাগিছে । কিন্তু ৰাইজে বৰ্তমান সকলো বুজি পাইছে আৰু সেয়ে বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছৰ পক্ষত ভোট প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে ।

সাংসদগৰাকীয়ে লগতে বিজেপি চৰকাৰক সমালোচনা কৰি ৰাইজে যদি মূল্যবৃদ্ধিকে ধৰি অন্যান্য কেৱল প্ৰতিশ্ৰুতিবোৰকে লৈ জীয়াই থাকিবলৈ ইচ্ছা কৰিছে তেন্তে বিজেপিক ভোট দিবলৈ আহ্বান জনায় ৷ ইয়াৰ বিপৰীতে ৰাইজে যদি ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ইচ্ছা কৰে তেন্তে কংগ্ৰেছক পুনৰ শাসনৰ বাঘজৰী অৰ্পণ কৰিবলৈ আহ্বান জনায় । সাংসদগৰাকীয়ে অসমত কংগ্ৰেছ-বিজেপিৰ বাদে অন্য কোনো দল শাসনৰ গাদীত অধিষ্ঠিত নহয় তাৰ বাবে আহ্বান জনায় আৰু অন্য দল ক্ষমতাত অধিষ্ঠিত হ'লে অসমৰ ৰাইজ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক : নিৰ্বাচন আয়োগে শাসক দলৰ হৈ কাম কৰিছে : কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.