টীয়ক, 21 নৱেম্বৰ : দেওবাৰে টীয়ক সমষ্টি(Teok Constituency)ত উপস্থিত হৈ কেইবাটাও সমষ্টিত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma)ই ৷ যোৰহাটৰ আৱৰ্ত ভৱনত পুৱাৰ ভাগত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী(Nagaland CM)ৰ সৈতে বাৰ্তালাপ কৰি টীয়কৰ কলিয়াপানীস্থিত আউনীআটী শাখা সত্ৰৰ আউনীআটী বিশ্ববিদ্যালয়(Auniati University)ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
চৰকাৰৰ নতুন শিক্ষা নীতি(New Education Policy)ৰ আধাৰত ঐতিহ্য আৰু আধুনিকতাৰ দৃষ্টিৰে শ্ৰী শ্ৰী আউনীআটী সত্ৰই স্থাপন কৰিবলৈ লৈছে এই আউনীআটী বিশ্ববিদ্যালয়খন ৷ জানিব পৰা মতে, বিশ্ববিদ্যালয়খনৰ প্ৰাৰম্ভিক কামকাজ চলি আছে ৷ প্ৰাচীন ভাষা, স্থাপত্য, ভাস্কৰ্য, চিকিৎসা বিদ্যা, বিজ্ঞান, প্ৰযুক্তি, জ্যোতিষ আৰু জ্যোতি বিজ্ঞান, অলংকাৰ শাস্ত্ৰ আদি বিষয়সমূহৰ অধ্যয়ন আৰু গৱেষণাৰ ব্যৱস্থা থাকিব এই বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত । লগতে সত্ৰনগৰী মাজুলীত স্থাপন হ’ব আউনীআটী বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ কাৰ্যালয় ৷
আনহাতে উপাচাৰ্য, পঞ্জীয়কৰ কাৰ্যালয় সমন্বিতে বিভিন্ন বিভাগৰ শ্ৰেণীকক্ষ, আলোচনা কক্ষ, পুথিভঁৰাল আদি স্থাপন কৰা হ’ব টীয়কৰ কলীয়াপানীস্থিত শাখা সত্ৰত । সেয়েহে এই বৃত্তিমূলক শিক্ষাৰ যোগেদি অনাগত দিনত সমগ্ৰ ৰাজ্যখনতে শিক্ষাখণ্ডত এক নতুন দিগন্তৰ সূচনা হ’ব বুলি মন্তব্য কৰাৰ লগতে ৰাজ্য চৰকাৰে 5 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰে ।
উল্লেখ্য যে, বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অসমবাসীৰ সহায় সহযোগিতা কামনা কৰিছে মুখ্যমন্ত্ৰীয়ে । ইফালে ঐতিহাসিক লাচিত বৰফুকন মৈদামত(Lachit Barphukan Moidam) উপস্থিত হৈ বীৰগৰাকীৰ মৈদাম তথা প্ৰতিমূৰ্তিত সেৱা জনোৱাৰ লগতে মৈডাম প্ৰাংগণ উন্নয়নৰ বাবে 1 কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷
লগতে পঢ়ক : Nagaland CM in Jorhat : যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে বৈঠক নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ