ETV Bharat / state

তিনিচুকীয়াৰ পৰা দিছপুৰলৈ পদযাত্ৰা প্ৰতিবাদকাৰীৰ - নাগৰিকত্ব সংশোধনী আইন

আগন্তুক ২০ জানুৱাৰীত দিছপুৰত মুখ্যমন্ত্ৰীক লগ ধৰি স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত মুখামুখিকৈ প্ৰশ্ন উত্থাপন কৰাৰ উদ্দেশ্যেৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

টীয়ক
তিনিচুকীয়াৰ পৰা দিছপুৰলৈ পদযাত্ৰা প্ৰতিবাদকাৰীৰ
author img

By

Published : Dec 30, 2019, 10:35 PM IST

টীয়ক, 30 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে তিনিচুকীয়াৰ পৰা দিছপুৰলৈ পদযাত্ৰা এদল প্ৰতিবাদকাৰীৰ ৷ আইনখন বাতিলৰ দাবীত তিনিচুকীয়াৰ ডিৰাক সীমান্তৱৰ্তী অঞ্চলৰ পৰা বিগত ২০ তাৰিখৰ পৰা ৩০ জনীয়া এক প্ৰতিবাদী দলে দিছপুৰলৈ পদযাত্ৰা আৰম্ভ কৰে ৷

সোমবাৰে এই পদযাত্ৰাকাৰী দলটো উপস্থিত হয় টীয়কত । "পদব্ৰজে দিছপুৰ যাঁও ব'লক" শীৰ্ষক বেনাৰ হাতত লৈ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী পদযাত্ৰা আৰম্ভ কৰে ৷ লগতে আগন্তুক ২০ জানুৱাৰীত দিছপুৰত মুখ্যমন্ত্ৰীক লগ ধৰি স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত মুখামুখিকৈ প্ৰশ্ন উত্থাপন কৰাৰ উদ্দেশ্যেৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

তিনিচুকীয়াৰ পৰা দিছপুৰলৈ পদযাত্ৰা প্ৰতিবাদকাৰীৰ

উল্লেখ্য যে, প্ৰতিবাদকাৰী দলটোক ঠায়ে ঠায়ে বিভিন্ন দল সংগঠনে সহযোগিতা কৰে বুলিও মন্তব্য কৰে দলটোৱে ৷ সোমবাৰে টীয়কত দলটো উপস্থিত হোৱা পাচতে লাচিত সেনাৰ কেইবাজনো কেন্দ্ৰীয় বিষয়ববীয়াই পদযাত্ৰা কৰি দলটোক সহযোগিতা আগবঢ়োৱা বুলিও প্ৰকাশ কৰে দলটোৱে ।

Intro:Body:কা বিৰোধীতাৰে তিনিচুকীয়াৰ পৰা দিছপুৰলৈ পদযাত্ৰা কৰা এদল প্ৰতিবাদী টীয়কত
TEOK: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সুদুৰ তিনিচুকীয়া জিলাৰ ডিৰাক সীমান্তৱত্তী অঞ্চলৰ পৰা যোৱা ২০ তাৰিখৰ পৰা ৩০ জনীয়া এক প্ৰতিবাদী দলে দিছপুৰলৈ পদযাত্ৰা আৰম্ভ কৰিছে আৰু আজি এই দলটো টীয়কত উপস্থিত হৈছে।পদব্ৰজে দিছপুৰ যাঁও ব'লক শীৰ্ষক বেনাৰ হাতত লৈ কা বাতিলৰ দাবীৰ লগতে ৰাজ্য চৰকাৰখনে কি কাৰণত অসমীয়াক প্ৰতাৰণা কৰিছে তথা বৰ্তমান চৰকাৰখনৰ এই স্বেচ্ছাচাৰীতাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ উদ্দেশ্য আগত ৰাখি অহা ২০ জানুৱাৰীত দিছপুৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীক লগ ধৰি এক স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে মুখামুখিকৈ প্ৰশ্ন উত্থাপন কৰাৰ উদ্দেশ্যেৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু কা বাতিল নোহোৱা পৰ্যন্ত এইদৰেই প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি মত প্ৰকাশ কৰিছে।উল্লেখযোগ্য এই যে প্ৰতিবাদী এই দলটোক ঠায়ে ঠায়ে বিভিন্ন দল সংগঠনে সহযোগিতা কৰি আহিছে আৰু আজি টীয়কতো লাচিত সেনাৰ কেইবাজনো কেন্দ্ৰীয় বিষয় ববীয়াই পদযাত্ৰা কৰি দলটোক সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.