ETV Bharat / state

যোৰহাটত আছুৱে জ্বলালে CAA ৰ প্ৰতিলিপি

author img

By

Published : Jan 24, 2021, 2:01 PM IST

অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰা, কা বাতিল কৰা আৰু কৃষি আইন বাতিল কৰাকে আদি কৰি বিভিন্ন দাবীৰ ভিত্তিত আছুৱে ৰূপায়ণ কৰে প্ৰতিবাদ ৷

যোৰহাটত AASU ৰ CAA ৰ প্ৰতিলিপি দাহ
যোৰহাটত AASU ৰ CAA ৰ প্ৰতিলিপি দাহ

যোৰহাট, 24জানুৱাৰী : যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আছুৱে CAAৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে দেওবাৰে CAA বাতিলৰ দাবীত প্ৰত্যেক জিলা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃবৰ্গই ক'লা দিৱস পালন কৰি ক’লা পতাকা উত্তোলন কৰে ৷

বিশেষকৈ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰা, কা বাতিল কৰা আৰু কৃষি আইন বাতিল কৰাকে আদি কৰি বিভিন্ন দাবীৰ ভিত্তিত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত, CAA আমি নামনো, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে সমগ্ৰ যোৰহাটৰ ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷

উল্লেখ্য যে, মোদী-শ্বাহৰ অসম আগমণক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে প্ৰতিবাদমুখৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা ৷ উজনি-নামনিৰ বিভিন্ন স্থানত দেখা গৈছে ক’লা পতাকা প্ৰদৰ্শন, জোঁৰ সমদল আদিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷

লগতে পঢ়কঃ ৰাজ্য চৰকাৰে লাইকা-দধিয়াবাসীৰ অৱস্থাৰ বিষয়ে অৱগত নকৰিলে প্ৰধানমন্ত্ৰীক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.