মেৰাপানী, 14 জানুৱাৰী: পৰম্পৰা অনুসৰি ৰাজ্যত ভোগৰ ভোগালীক আদৰাৰ প্ৰস্তুতি চলিছে যদিও যোৰহাট জিলাৰ মেৰাপানীৰ এখন গাঁৱত ব্যতিক্ৰমী ৰূপত দেখা পোৱা গৈছে ভোগালীৰ প্ৰস্তুতি । মেৰাপানীৰ নলনী পথাৰ গাঁৱৰ ৰাইজে এইবাৰ ভোগালীৰ ভেলাঘৰৰ বাকৰিক পৰিণত কৰিছে প্ৰতিবাদ স্থলীলৈ । যোৰহাটৰ এই গাঁওখনত ভোগালীৰ উৰুকাৰ নিশাৰ বাবে ৰাইজে এইবাৰ সজা নাই পৰম্পৰাগত ভেলাঘৰ ।
উল্লেখ্য যে, গঞাই ভেলাঘৰৰ পৰিৱৰ্তে সাজি উলিয়াইছে 'কা আমি নামানো' শীৰ্ষক বৃহৎ আকাৰৰ প্ৰতিকৃতি । নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত ভেলাঘৰৰ পৰিৱৰ্তে মুকলি আকাশৰ তলতে ভোগালীৰ ভোজ খোৱাৰ কঠোৰ সংকল্প লৈছে নলনী পথাৰ গাঁওবাসীয়ে । সম্প্ৰতি ভোজৰ বাবে নিৰ্ধাৰিত স্থানত নৃত্য গীতৰ সলনি প্ৰতিপল গুঞ্জৰিত হৈছে 'জয় আই অসম' ধ্বনি । বিহুৰ বাকৰিৰ পৰাই নলনী পথাৰ গাঁৱৰ ৰাইজে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবৰ বাবে কঠোৰভাৱে সকিয়নী প্ৰদান কৰিছে ।
লগতে পঢ়ক: উৰুকাৰ নিশা এন্দুৰেৰে এসাজ...