মৰিয়নী, 5 মে’ : ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা (Rape case at Mariani)৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা মাৰ নৌযাওঁতেই এইবাৰ যোৰহাট জিলাৰ মৰিয়নীত পুনৰ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে (Rape case in Jorhat) ৷ বৰদেউতাকৰ পুত্ৰৰ কামনাৰ বলি হ’ল খুড়াকৰ ছোৱালী ৷ নিজ ভাতৃয়ে বিগত এসপ্তাহ ধৰি উপৰ্যুপৰি ধৰ্ষণ কৰিলে এগৰাকী ১২ বছৰীয়া নাবালিকাক (Brother rape sister at Mariani)।
মৰিয়নীৰ গোসাইবাৰীৰ এজন যুৱকে নিজ খুড়াকৰ কন্যা নাবালিকা ভগ্নীৰ ওপৰত চলাই আহিছিল এই ঘৃণনীয় নিৰ্যাতন। আনকি এই অপকৰ্মৰ বিষয়ে পিতৃ-মাতৃক অৱগত কৰিলে নাবালিকাগৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰিছিল জনৈক গড় উপাধিৰ নামৰ যুৱকজনে (Minor girl rape by brother) ৷
কিশোৰীগৰাকীৰ মাতৃয়ে সদৰী কৰা অনুসৰি তেওঁলোকে দিনটো কামলৈ ওলাই যায় ৷ ঘৰত কিশোৰীগৰাকী প্ৰায়েই অকলে থাকিব লগীয়া হয় ৷ ইয়াৰেই সুযোগ লৈ ভাতৃৰূপী লম্পটটোৱে কিশোৰীগৰাকীক দাবী ধমকি দি অপকৰ্ম কৰেহি ৷ অৱশেষত উপায়হীন হৈ কিশোৰীগৰাকীয়ে মাতৃৰ আগত সকলো কথা বিৱৰি কয় ৷
এই কথা শুনাৰ পিচতে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে চেলেংহাট আৰক্ষীৰ ওচৰত এক গোচৰ ৰুজু কৰে ৷ আৰক্ষীয়ে শুকুৰবাৰে অভিযুক্ত ধৰ্ষণকাৰীটোক আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে পূৰ্বতেও একাধিক ধৰ্ষণৰ দৰে ঘৃণনীয় ঘটনাত জড়িত আছিল জনৈক গড় উপাধিৰ অভিযুক্তটো ৷ ইফালে এই ঘৃণনীয় কাণ্ডক অঞ্চলবাসীয়ে একমুখে গৰিহণা দিছে ৷ লগতে এই ঘটনাত জড়িত লম্পটোক কঠোৰ পৰাৰ কঠোৰতম শাস্তি বিহা দাবী উত্থাপন কৰিছে ।
তাৎপৰ্যপূৰ্ণ যে, বৰ্তমান ৰাজ্যত ক্ৰমবৰ্ধমান হাৰত ধৰ্ষণ দৰে ঘটনা দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। সৌ সিদিনা তিনিচুকীয়া জিলা অন্তৰ্গত মাঘেৰিটাত এজন বিবাহিত লোকে এগৰাকী কনমানি কিশোৰীক উপৰ্যুপৰি ধৰ্ষণ কৰি তাৰ পিচত কিশোৰীগৰাকীক হত্যা কৰি মৃতদেহটো লুকুৱাই ৰাখিছিল।
লগতে পঢ়ক: Morena firing between 2 family : চাঞ্চল্যকৰ! পাৰিবাৰিক সংঘাতৰ বাবে প্ৰাণ গ'ল ৬ জনৰ