যোৰহাট,২৬ জুন: সমাগত ২০২৪ লোকসভা নিৰ্বাচন । তাৰ বাবে তৎপৰ হৈ পৰিছে ৰাষ্ট্ৰীয় দল ভাৰতীয় জনতা পাৰ্টী । ইফালে আকৌ বিজেপি নেতৃত্বাধীন চৰকাৰে ৯ টা বছৰ সম্পূৰ্ণ কৰিলে । সেয়েহে বিজেপি চৰকাৰে তেওঁলোকৰ কাৰ্যকালত কৰা উন্নয়ন আৰু বিভিন্ন কৰ্মৰাজি ৰাইজৰ মাজলৈ লৈ যোৱা প্ৰতিশ্ৰুতিৰে আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান । সেয়েহে বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰে ভৰি পৰিছে অসম ।
সোমবাৰে এই অভিযানৰ অংশ হিচাপে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলিন কোহলিয়ে জেইল ৰোডত থকা বিশিষ্ট আইনজীৱী আৰু সাহিত্যিক ভৱ গোস্বামীৰ বাসগৃহত উপস্থিত হৈ মোদী চৰকাৰে ৯ টা বছৰ কাৰ্যকালত কৰা কাম আৰু উন্নয়ন বিৱৰণ অৱগত কৰাৰ লগতে আইনজীৱীগৰাকীৰ পৰা বিভিন্ন পৰামৰ্শ বিচাৰে । উক্ত সাক্ষাতৰ পিছতে ভৱ গোস্বামীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে যে বিজেপি দলৰ জনপ্ৰিয়তা আছে বুলি ভাবি সন্তুষ্টি লাভ কৰিলে ন'হব । বিৰোধী বা জনসাধাৰণৰো মতামত গ্ৰহণ কৰিব লাগিব ।
কাৰণ কাগজে-পত্ৰই বেছি জনপ্ৰিয়তা আছে বিজেপিৰ । লগতে তেওঁ কয় যে, ভাল ব্যক্তিত্ব থকা লোক বা ভাল কাম কৰিলেই তেওঁক ৰাইজে পছন্দ কৰিব । ইয়াৰোপৰি BJP চৰকাৰখনৰ বিষয়ে আন কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই বিশিষ্ট আইনজীৱীগৰাকীয়ে । বিজেপি চৰকাৰ তথা দলটোৰ কিছু কাম-কাজৰ প্ৰশংসা কৰাৰ উপৰিও আন কিছু কামৰ সমালোচনাও কৰে ভৱ গোস্বামীয়ে ।
উল্লেখ্য যে বিজেপি দলটিয়ে সমগ্ৰ দেশতে জনসম্পৰ্ক অভিযানৰ জৰিয়তে বিজেপি চৰকাৰে ৯ টা বছৰে কৰা কাম কাজৰ বিৱৰণ লৈ ৰাইজৰ ওচৰলৈ গৈ ৰাইজৰ পৰা বিভিন্ন পৰামৰ্শ বিচৰা পৰিলক্ষিত হৈছে । বিজেপিয়ে জনসম্পৰ্ক অভিযানৰ জৰিয়তে সমগ্ৰ দেশতে লোকসভা নিৰ্বাচনৰ ৰণডংকা বজোৱা এক কৌশল হিচাপে গ্ৰহণ কৰিছে । বিজেপিৰ এই জনসম্পৰ্ক অভিযানে ২০২৪ লোকসভা নিৰ্বাচনত কি প্ৰভাৱ পেলায় সেয়া সময়তহে লক্ষ্যণীয় হ'ব ।
লগতে পঢ়ক: Sleeping well: এইকেইদিন টোপনি ভাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ !