যোৰহাট,13 এপ্ৰিল: হেঁপাহৰ ৰঙালীৰ আজি উৰুকা ৷ নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে বাপতি সাহোন বিহুটিক আদৰিবলৈ সাজু হৈছে সকলো ।
ইপিনে বিহু উপলক্ষে বজাৰত ভিৰ বাঢ়িছে গ্ৰাহকৰ । সমান্তৰালকৈ বিভিন্ন খাদ্যৰ লগতে গুড়,চিৰা, লাড়ু, পিঠাৰে ভৰি পৰিছে বিহুৰ বজাৰ । একেদৰেই যোৰহাটৰ ভোগদৈ জলপানতো উপলব্ধ হৈছে ঘৰুৱাভাৱে উৎপাদন কৰা বিভিন্ন ধৰণৰ পিঠা-পনাকে আদি কৰি চিৰা,মুৰী,আখৈ,লাৰু আদি ।