ETV Bharat / state

যোৰহাটত ভাৰত বন্ধৰ ব্য়াপক প্ৰভাৱ - সংশোধিত কৃষি আইন

কৃষি আইনৰ বিৰোধিতাৰে মঙলবাৰে সমগ্ৰ দেশজুৰি কৃষক সমাজে ঘোষণা কৰা ভাৰত বন্ধৰ প্ৰভাৱ দেখা পোৱা গ'ল অসমতো ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো বন্ধ হৈ পৰিল দূৰণিবটীয়া যান-বাহনৰ চলাচলৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বে-চৰকাৰী কাৰ্য়ালয়সমূহ ৷

bharat-bondho-impact
যোৰহাটত ভাৰত বন্ধৰ ব্য়াপক প্ৰভাৱ
author img

By

Published : Dec 8, 2020, 1:30 PM IST

যোৰহাট,8 ডিচেম্বৰঃ কৃষি আইনৰ বিৰোধিতাৰে মঙলবাৰে সমগ্ৰ দেশজুৰি কৃষক সমাজে ঘোষণা কৰা ভাৰত বন্ধৰ প্ৰভাৱ দেখা পোৱা গ'ল অসমতো ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো বন্ধ হৈ পৰিল দূৰণিবটীয়া যান-বাহনৰ চলাচলৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বে-চৰকাৰী কাৰ্য়ালয়সমূহ ৷ এই বন্ধৰ সময়চোৱাত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে জিলা প্ৰশাসনে ৷

উল্লেখ্য যে, সংশোধিত কৃষি আইন, 2020ক কেন্দ্ৰ কৰি প্ৰায় 11 দিন ধৰি প্ৰতিবাদ অব্যাহত ৰখা কৃষক সমাজে কেন্দ্ৰ চৰকাৰৰ সৈতে বৈঠকত মিলিত হৈও কোনোধৰণৰ সদুত্তৰ নোপোৱাত ক্ষোভিত হৈ ভাৰত বন্ধৰ আহ্বান জনাইছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত কৃষকৰ ভাৰত বন্ধৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজৰ লগতে 22 টাকৈ ৰাজনৈতিক দলে সঁহাৰি জনাইছিল ৷

লগতে পঢ়কঃ বিটিচি নিৰ্বাচন : বাক্সাত সাব্যস্ত ৮০ শতাংশ ভোটদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.