ETV Bharat / state

চৰকাৰী সাহায্যৰ পৰা বঞ্চিত জাঁজীমুখৰ ৰাইজ - বিস্তৰ ক্ষতি

প্ৰলয়ংকাৰী বানত সমগ্ৰ অসমৰ লগতে টীয়কৰ জাঁজীমুখটো বিস্তৰ ক্ষতি সাধন হয় । সেই অঞ্চলৰ  কেইজনমান উদীয়মান যুৱকে হাতে হাতে কোৰ লৈ পথটো মেৰামতি কৰি যানবাহন চলিব পৰাকৈ ব্যৱস্থা কৰি দিছে । যুৱকসকলৰ এই পদক্ষেপক শলাগ লৈছে স্থানীয় ৰাইজে ৷

চৰকাৰী সাহায্যৰ পৰা বঞ্চিত জাঁজীমুখৰ ৰাইজ
author img

By

Published : Jul 19, 2019, 1:29 PM IST

যোৰহাট, ১৯ জুলাইঃ প্ৰলয়ংকাৰী বানে সমগ্ৰ অসমৰ লগতে টীয়কৰ জাঁজীমুখটো বিস্তৰ ক্ষতি সাধন কৰে ৰাইজৰ । প্ৰায় ১২ কিঃমিঃ পথৰ অৱস্থা অতি শোচনীয় । জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

প্ৰলয়ংকাৰী বানত সমগ্ৰ অসমৰ লগতে টীয়কৰ জাঁজীমুখটো বিস্তৰ ক্ষতি সাধন হয় । বানৰ কৱলত ঘৰ দুৱাৰ ,খেতি পথাৰ ,বাট পথ সকলোতে বিস্তৰ ক্ষতি সাধন হয় । অৱশ্যে বানাক্ৰান্ত ৰাইজক চৰকাৰ তথা বিভিন্ন দল সংগঠনে সহায়ৰ হাত আগবঢ়াইছে যদিও এই পৰ্যন্ত ভিতৰুৱা অঞ্চলৰ ৰাইজ এই সাহাৰ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে । সমান্তৰালকৈ বানপানীৰ ফলত জাঁজীমুখৰ প্লেটফৰ্মৰ পৰা হাতীশাল পৰ্যন্ত সুদীৰ্ঘ ১২ কি মি পথৰ অৱস্থা অতি শোচনীয় হোৱা বাবে শুকুৰবাৰে সেই অঞ্চলৰ কেইজনমান উদীয়মান যুৱকে গাঁঠিৰ ধন ভাঙি হাতে হাতে কোৰ, টেক্ট্ৰৰ লৈ পথটো মেৰামতিৰ ব্যৱস্থা কৰে । যুৱকসকলৰ এই পদক্ষেপক ৰাইজে শলাগ লোৱাৰ লগতে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে উক্ত পথটো মেৰামতি কৰি যাতায়াতৰ বাবে সুবিধা কৰি দিবলৈ আহ্বান জনাইছে ।

চৰকাৰী সাহায্যৰ পৰা বঞ্চিত জাঁজীমুখৰ ৰাইজ

লগতে আন এটা বাতৰি - ভেলেঙীৰ বানত উটি গ'ল মথাউৰিঃ ৫ গাঁও ক্ষতিগ্ৰস্থ

Intro:Body:টীয়কৰ জাঁজীমুখত পথ মেৰামতি কৰিলে ৰাইজে/নিৰ্বিকাৰ জনপ্ৰতিনিধি, চৰকাৰ
TEOK:প্ৰলয়ংকাৰী বানে সমগ্ৰ অসমৰ লগতে টীয়কৰ জাঁজীমুখটো বিস্তৃৰ ক্ষতি সাধন কৰিছে।বানৰ কবলত ঘৰ দুৱাৰ ,খেতি পথাৰ ,বাট পথ সকলো শেষ হোৱাৰ উপক্ৰম ঘটিছে।অৱশ্যে বানাক্ৰান্ত ৰাইজক চৰকাৰ তথা বিভিন্ন দল সংগঠনে সহায়ৰ হাত আগবঢ়াছে যদিও এই পৰ্যন্ত কোনো কোনো ভিতৰুৱা অঞ্চলৰ ৰাইজ এই সাহাৰ্য্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে।তাৰ সমান্তৰালকৈ বানপানীৰ ফলত জাঁজীমুখৰ প্লেটফৰ্মৰ পৰা হাতীশাল পৰ্যন্ত সুদীৰ্ঘ ১২ কি মি পথৰ অৱস্থা অতি সূচনীয় হোৱাৰ হেতুকে সেই অঞ্চলৰ ৰাইজ বৰ্তমান বিভিন্ন সাহাৰ্য্যৰ পৰা বঞ্চিত হৈছে।সেয়ে অঞ্চলটোৰ কেইজনমান উদীয়মান যুৱকে সম্পূৰ্ণ নিজা খৰচত হাতে হাতে কোৰ লৈ বানে বিধ্বস্ত কৰা জাঁজীমুখ প্লেটফ'ম সংযোগী পথটো মেৰামতি কৰি যানবাহন চলিব পৰাকৈ ব্যৱস্থা কৰিছে।বাৰিষা বানৰ আৰু খৰালি বন্য হস্তীৰ তাণ্ডৱে সৰ্ৱস্ৰান্ত কৰিছে গাঁৱবাসীক।এতিয়া প্ৰশ্ন হয় বছৰি চলি থকা এই সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত কিবা স্হায়ী উত্তৰ উলিয়াবনে চৰকাৰে!Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.