ETV Bharat / state

ADITYA L1 launch: উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে বাহনা মহাবিদ্যালয় চৌহদত

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 2:14 PM IST

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শনিবাৰে সূৰ্য অভিমুখে উৎক্ষেপন কৰে আদিত্য এল-1 নামৰ মহাকাশযান ৷ এই অভিযানৰ সৈতে জড়িত জড়িত অসম কন্যা ড০ ঐশ্বন্যা শৰ্মা । ফলত উৎফুল্লিত হৈ পৰিছে বাহনা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল ।

ADITYA L1 launch
যোৰহাট বাহনা মহাবিদ্যালয়ত উদুলি মুদুলি পৰিৱেশ

যোৰহাট, 2 ছেপ্টেম্বৰ: যোৰহাট বাহনা মহাবিদ্যালয়ত উদুলি মুদুলি পৰিৱেশ ৷ অধ্যাপিকাগৰাকীৰ সফলতাক লৈ ছাত্র-ছাত্রীসকল হৈ পৰিছে উৎফুল্লিত । আদিত্য L1 ৰে জড়িত হৈ সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা যোৰহাট বাহনা মহাবিদ্যালয় পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড০ ঐশ্বন্যা শৰ্মা । ফলত উৎফুল্লিত হৈ পৰিছে বাহনা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল ।

সূৰ্যত অভিযান চলাবলৈ সাজু হৈছে ইছৰো ৷ শনিবাৰে উৎক্ষেপন হোৱা আদিত্য এল-১ সূৰ্যমুখী অভিযানত জড়িত হোৱাৰ গৌৰৱ অৰ্জন কৰিলে বাহনা মহাবিদ্যালয়ৰ অধ্যাপক ড৹ ঐশ্বন্যা শৰ্মাই ৷ যাৰ বাবে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে মহাবিদ্যালয়খনত । উল্লেখ্য যে, সূৰ্যৰ জটিল প্ৰক্ৰিয়াবিলাক অধ্যয়ন কৰিবলৈ প্ৰেৰণ কৰিবলগীয়া আদিত্যৰ কাৰ্যক্রমণিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত নেতৃত্ব ল'বৰ বাবে যুটীয়া অনুসন্ধানকাৰী বিজ্ঞানী হিচাপে নিযুক্ত কৰা হৈছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড°ঐশ্বন্যা শৰ্মাক ।

আদিত্য এল-১ ত সংলগ্ন দূৰবীক্ষণ যন্ত্ৰ সংক্ষেপে SUIT (Solar Ultraviolet Imaging Telescope) এ সংগ্ৰহ কৰি পঠিয়াবলগীয়া তথ্যৰ পৰা সূৰ্যৰ আলোকমণ্ডল আৰু বৰ্ণমণ্ডলত স্থিত তৰংগ আৰু কম্পনৰ বিষয়ে তেওঁ অধ্যয়ন কৰিব । উল্লেখযোগ্য যে, ড° শৰ্মাই 2015 চনৰ পৰা আদিত্যত সংলগ্ন সাতটা যন্ত্ৰৰ অন্যতম যন্ত্ৰ SUIT ৰ মুখ্য অনুসন্ধানকাৰী বিজ্ঞানী তথা পুনেত অৱস্থিত জ্যোতি পদাৰ্থ বিজ্ঞানৰ গৱেষণা প্ৰতিষ্ঠান IUCAA ৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰফেছৰ দূর্গেশ ত্ৰিপাঠীৰ লগত বৰ্তমানেও কৰ্মৰত ।

উল্লেখ্য যে, ইছৰোৱে শনিবাৰে মহাকাশবন্দৰৰ পৰা ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল 1 সফলতাৰে আৰম্ভ কৰে । শনিবাৰে পুৱা 11.50 বজাত ইছৰোৰ নিৰ্ভৰযোগ্য প'লাৰ ছেটেলাইট লঞ্চ ভেহিকেল (পিএছএলভি) ব্যৱহাৰ কৰি ইয়াৰ সফল উৎক্ষেপণ কৰা হয় ।

লগতে পঢ়ক: ADITYA L1 launch : ইছৰোৰ সূৰ্য অভিযানৰে জড়িত অসমৰ ঐশ্বন্যা শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.