ETV Bharat / state

Road accident in Jorhat: যমদূতৰূপী পথ! খালত সোমাল এম্বুলেন্স - Poor road condition in Jorhat

জৰাজীৰ্ণ পথৰ বাবে জীয়াতু ভুগিছে যোৰহাটৰ বিভিন্ন প্ৰান্তৰ ৰাইজে । কেতিয়াবা যদি নিৰ্মীয়মান চাৰিলেনযুক্ত পথৰ দুৰাৱস্থাৰ বাবে দুৰ্ভোগ ভুগিছে ৰাইজে । আন কেতিয়াবা পথৰ দুৰৱস্থাৰ ফলত সংঘটিত হৈছে বহু দুৰ্ঘটনা । এইবাৰ যমদূতৰূপী পথৰ বাবে খাৱৈত সোমাল ১০৮ মৃত্যুঞ্জয় সেৱা এম্বুলেন্স ।

Ambulance fell in ditch due to poor road condition in Jorhat
পথৰ দুৰৱস্থাৰ ফলত খালত সোমাল এম্বুলেন্স
author img

By

Published : Jul 6, 2023, 6:07 PM IST

পথৰ দুৰৱস্থাৰ ফলত খালত সোমাল এম্বুলেন্স

যোৰহাট,৬ জুলাই: চৌদিশে উন্নয়নৰ জয়গান । যোগাযোগৰ সু-ব্যৱস্থা গঢ়ি তোলাৰ বাবে ৰাজ্যৰ ৰাস্তা-ঘাটসমূহ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ । পিছে উন্নয়নৰ নামত খন্দা খালে কালৰূপে ঠিয় দিছে বিভিন্ন স্থানত । আনফালে আকৌ মেৰামতিৰ অভাৱত জৰাজীৰ্ণ ৰূপ লৈছে ৰাস্তা-ঘাটে । মুঠৰ ওপৰত চৰম অনিশ্চিয়তাৰ মাজেৰে পাৰ হ'ব লাগে পথচাৰী ।

সৌ সিদিনা গুৱাহাটী মহানগৰীত পথত থকা এটা গাঁতৰ ফলত এগৰাকী মেধাবী ছাত্ৰীৰ মৃত্যুৰ চাঞ্চল্য মাৰ নাযাওতেই, এইবাৰ পথৰ দুৰাৱস্থাৰ বাবে মৃত্যুৰ যন্ত্ৰণাত থকা ৰোগী আনিবলৈ গৈ খালত সোমাল মৃত্যুঞ্জয় সেৱাৰ এম্বুলেন্স । যোৰহাটৰ বৃহত্তৰ বালিগাঁৱ ASEB অফিচৰ সন্মুখত জাগৃত নগৰত মৃত্যু ৰে চটফটাই থকা ৰোগী আনিবলৈ গৈ দ-খাৱৈত সোমাল ১০৮ মৃত্যুঞ্জয় সেৱা এম্বুলেন্স ।

বছৰ বছৰ ধৰি বৃহত্তৰ বালিগাঁওবাসী ৰাইজে পথটি নিৰ্মাণৰ বাবে প্ৰশাসন তথা চৰকাৰক বাৰম্বাৰ আহ্বান তথা কাগজে-কলমে দাবী জনাই আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত আজি এনেধৰণৰ অঘটন সংঘটিত হোৱা বুলি অভিযোগ উথাপন কৰে স্থানীয় ৰাইজে । উক্ত পথৰ দুৰাৱস্থাৰ বাবে প্ৰসৱৰ বেদনাত চটফটাই থকা মহিলাকো দাঙি পথ পাৰ কৰাব লগা পৰিস্থিতিৰ সময়ে সময়ে সৃষ্টি হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ।

পথটিৰ পৰা পানী ওলাই যাব পৰাকৈ কোনোধৰণৰ নলাৰ ব্যৱস্থা নথকাৰ বাবে এজাক বৰষুণতে পানীৰে উপচি পৰে জাগৃত নগৰৰ এই বিশেষ জেবি ৰোড-মনাইমাজি সংযোগী পথচোৱা । বোকাময় পথচোৱাত গাড়ী-মটৰচাইকেল আৱদ্ধ হোৱা বাবে বিভিন্ন সময়ত সৰু বৰ কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি জানিবলৈ দিয়ে স্থানীয় বাসিন্দাসকলে ।

বেনাৰ, বাতৰি কাকতত উন্নয়নৰ চমক দিয়া BJP চৰকাৰখনৰ উন্নয়নৰ প্ৰকৃত ছবিখন এনেবোৰ ঘটনাই ৰাইজ মাজত উদঙাই দিছে । সেয়েহে উক্ত পথটো যাতায়তৰ বাবে শীঘ্ৰে উপযোগী কৰি তুলিবলৈ বৃহত্তৰ ৰাইজে স্থানীয় জনপ্ৰতিনিধিজনক আহ্বান জনাই । অন্যথা পৰৱৰ্তী সময়ত ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৰাইজে ।

লগতে পঢ়ক: Pig Syndicate: ৰাজ্যত সক্ৰিয় গাহৰি চিণ্ডিকেট সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী অসমীয়া যুৱ মঞ্চৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.