ETV Bharat / state

Drought in Titabar: খৰাঙৰ পৰা পৰিত্ৰাণ বিচাৰি তিতাবৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা - তিতাবৰৰ পথাৰত খৰাং

এইবাৰ খৰাঙৰ পৰা পৰিত্ৰাণ বিচাৰি তিতাবৰত ৰাইজে অনুষ্ঠিত কৰিলে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা (All-religious prayer at Titabor) ৷ কিয়নো খৰাং বতৰৰ বাবে তিতাবৰৰ একাংশ কৃষকে খেতি পথাৰত পাৰিব পৰা নাই কঠিয়া (Severe drought in Titabar)।

all-religion-prayer-meet-to-get-rid-of-drought-at-titabor
খৰাঙৰ পৰা পৰিত্ৰাণ বিচাৰি তিতাবৰত ৰাইজে অনুষ্ঠিত কৰিলে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা
author img

By

Published : Jul 29, 2022, 1:52 PM IST

তিতাবৰ, 29 জুলাই: ৰাজ্যত এফালে বানে সৰ্বহাৰা কৰিছে কৃষক ৰাইজক, আনফালে খৰাং বতৰৰ ফলত নিজৰ খেতিদৰা ৰুব পৰা নাই তিতাবৰৰ ৰাইজে (Severe drought in Titabar) ৷ এই ভৰ বাৰিষা এখন বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে তিতাবৰৰ খেতিপথাৰত ৷ খৰাঙৰ ফলত শাওণমহীয়া পথাৰত চিৰাল ফাঁট মেলাত মূৰে কঁপালে হাত দিছে তিতাবৰৰ কৃষক ৰাইজে । উপায়হীন হৈ বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ৰাইজে অনুষ্ঠিত কৰিছে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা (All-religious prayer at Titabor) ৷

খৰাঙৰ পৰা পৰিত্ৰাণ বিচাৰি তিতাবৰত ৰাইজে অনুষ্ঠিত কৰিলে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা

সম্প্ৰতি তিতাবৰত খৰাং বতৰৰ বাবে প্ৰায় ২৫ খন গাঁৱৰ ৰাইজে ৰোপণ কৰিব পৰা নাই নিজৰ খেতি দৰা । সেউজীয়া পথাৰৰ সপোন দেখা কৃষকৰ পথাৰত দেখা গৈছে চিৰাল ফাঁট ৷ খেতি কৰিবলৈ বৰষুণ পানীক ভৰষা কৰি কৃষি কাৰ্য কৰা তিতাবৰৰ বেকাজান, বালিজান, গোহাঁই গাঁও, গড়াজান বৰহোলাৰ পানীখেতি কলাপানী ৰজাবাৰী ধৰি প্ৰায় ২৫ খন গাঁৱৰ ৰাইজে পানীৰ অভাৱত এতিয়া মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতি হৈছে ৷

চৰকাৰী জলসিঞ্চন বিভাগৰ পঁয়ালগা অৱস্থাৰ ফল ভুগিছে এইসকল কৃষকে (Farmers facing problem due to draught at Bogibeel ) ৷ তিতাবৰ মহকুমা প্ৰশাসন নাইবা কৃষি বিভাগৰ ওচৰলৈ বাৰম্বাৰ যোৱা স্বত্বেও কোনো গুৰুত্ব প্ৰদান নকৰাৰ লগতে কোনো ধৰণৰ সহযোগিতা কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে এই সকল কৃষকে ৷ যাৰ ফলত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে এইসকল কৃষকে ৷

এতিয়া বছৰটো কেনেদৰে নিজৰ পৰিয়ালক ভৰণ পোষণ দিব তাকে লৈ চিন্তিত হৈ পৰিছে এই সকল কৃষক । সেয়ে শেষ ভৰসা হিচাপে একমাত্ৰ ঈশ্বৰক সাক্ষী কৰি তিতাবৰত সাতখন গাঁৱৰ ৰাইজ একত্ৰিত হৈ অনুষ্ঠিত কৰিলে এই সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা (All-religious prayer to get rid of drought) ৷

লগতে পঢ়ক: Assam cabinet decisions: তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান-গণিতৰ মাধ্যম হ’ব ইংৰাজী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.