তিতাবৰ, 2 জুলাইঃ পথৰ ওপৰতেই জাল বাইছে একাংশ লোকে । অৱশ্যে, মাছ ধৰাৰ উদ্দেশ্যেৰে নহয় । পথৰ ওপৰত জাল বাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰিছে এক অভিনৱ প্ৰতিবাদ ।
15 বছৰকৈ অসমৰ মুখ্যমন্ত্ৰীৰ গাদীত বহা তৰুণ গগৈ নিজা সমষ্টি তিতাবৰৰ এটা পথে জ্বলা কলা খুৱাইছে ৰাইজক । এই পথটো হৈছে ঐতিহাসিক ধোদৰ আলি । কিন্তু মেৰামতিৰ ক্ষেত্ৰত সদায় অৱহেলিত হৈ আহিছে পথটো । সাংসদ তপন গগৈ অথবা এসময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সময় নাই ৰাইজৰ খবৰ ল'ব ।
ঐতিহাসিক ধোদৰ আলি এতিয়া হৈ পৰিছে মৰণ ফান্দ । গোলাঘাট কমাৰগাঁৱৰ পৰা ডিব্ৰুগড়ৰ জয়পুৰৰ লৈকে 212 কিঃমিঃ দৈৰ্ঘৰ ঐতিহাসিক ধোদৰ আলিৰ মাজত এতিয়া পুখুৰী সদৃশ গাঁত।
সেয়ে বৃহস্পতিবাৰে ধোদৰ আলি মেৰামতিৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কায্যসূচী হাতত লয় । পথৰ ওপৰত জাল বাই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।