ETV Bharat / state

মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত যোৰহাটত উত্তাল প্ৰতিবাদ আহোম সেনাৰ - ahom sena protest

পে'ট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জিলাৰ আহোম সেনাই ৷ যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাৱ্যস্ত কৰে এই প্ৰতিবাদ ৷ আহোম সেনাৰ যোৰহাটি জিলাৰ সমিতিয়ে ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ শতাধিক কৰ্মীয় অংশগ্ৰহণ কৰে ৷

ahom sena protest againts price hike in jorhat
মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত যোৰহাটত উত্তাল প্ৰতিবাদ আহোম সেনাৰ
author img

By

Published : Oct 25, 2021, 8:50 PM IST

যোৰহাট, 25 অক্টোবৰ : পে'ট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জিলাৰ আহোম সেনাই ৷ যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাৱ্যস্ত কৰে এই প্ৰতিবাদ ৷ আহোম সেনাৰ যোৰহাটি জিলাৰ সমিতিয়ে ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ শতাধিক কৰ্মীয় অংশগ্ৰহণ কৰে ৷

মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত যোৰহাটত উত্তাল প্ৰতিবাদ আহোম সেনাৰ

বিজেপি হায় হায়, অসম চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ কৰ্মী সকলে ৷ সংগঠনটোৰ নেতৃত্বই কয়, দেশৰ লগতে ৰাজ্যত হোৱা অভাৱনীয় মূল্যবৃদ্ধিয়ে আৰ্থিকভাৱে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷ ইয়াৰ মাজতে কোটি কোটি টকা খৰচ কৰি নেতা-মন্ত্ৰী সকলে উপ-নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈ পৰা দেখা গৈছে ৷ ই অতি দুখজনক কথা ৷

ইফালে শাসক পক্ষৰ নেতা-কৰ্মীক মূল্যবৃদ্ধি কথা ক'লেই টুলুঙা মন্তব্যৰে বিষয়টোৰ পৰা আঁতৰি থাকিবলৈ বিচাৰে ৷ মুখ্যমন্ত্ৰীয়েও মূল্যবৃদ্ধিৰ বিষয়টো গুৰুতৰ সহকাৰে লোৱা পৰিলক্ষিত হোৱা নাই ৷ গতিকে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি সৰ্বাসাধাৰণ ৰাইজৰ সকাহ দিবলৈ দাবী জনাই যোৰহাট জিলাৰ আহোম সেনাই ৷ অন্যথা মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিছে আহোম সেনাৰ যোৰহাট জিলাৰ নেতৃত্বই ৷

লগতে পঢ়ক: পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগত কি ক’লে বিশ্বনাথবাসীয়ে...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.