ETV Bharat / state

Assam Flood 2022: দ্বিতীয়টো বানত 20 সহস্ৰাধিক হেক্টৰ কৃষিভূমি বিনষ্ট - বানপানী অসম

ৰাজ্যৰ দ্বিতীয়টো বানত ৰাজ্যৰ কৃষিখণ্ডত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণৰ তথ্য ৰাজহুৱা কৰিলে মন্ত্ৰী অতুল বৰাই (Assam agriculture minister Atul Bora) ৷ এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি ২১ খন জিলাৰ ৪ হাজাৰ ৮ শ ৯ খন ৰাজহ গাঁৱৰ ৩ লাখ ৬৩ হাজাৰ ৯৭ টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ৷ ২০,৪৫৩.১৬ হেক্টৰ খাৰিফ শস্য আৰু বড়ো খেতি সম্পূৰ্ণৰূপে নষ্ট হৈছে এই বানত ।

Assam Flood 2022
দ্বিতীয়টো বানত 20 সহস্ৰাধিক হেক্টৰ কৃষিভূমি বিনষ্ট
author img

By

Published : Jun 21, 2022, 7:00 PM IST

টীয়ক, 21 জুন: ৰাজ্যত দুটাকৈ প্ৰলয়ংকৰী বানত ক্ষতিসাধন হোৱা ৰাজ্যৰ কৃষিখণ্ডৰ হিচাপ ৰাজহুৱা কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই (Assam agriculture minister Atul Bora)। সোমবাৰলৈকে মন্ত্ৰীগৰাকীৰ হাতত পৰা তথ্য অনুসৰি, দ্বিতীয়টো বানত ২১ খন জিলাৰ ৪ হাজাৰ ৭ শ ৯ খন ৰাজহ গাঁৱৰ ৩ লাখ ৬৩ হাজাৰ ৯৭ টা কৃষিজীৱি পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে ।

তথ্যত প্ৰকাশ পোৱা অনুসৰি, ২০,৪৫৩.১৬ হেক্টৰ খাৰিফ শস্য আৰু বড়ো খেতি সম্পূৰ্ণৰূপে নষ্ট হৈছে এই বানত । ১৮১.৯৬ হেক্টৰ আহুধান আৰু বাওধানৰ লগতে শালিখেতি নষ্ট হৈছে ২৪ হাজাৰ ৬০ হেক্টৰ । একেদৰে এই বানত বিধ্বস্ত হৈছে ফলমূলৰ বাগিচা আৰু উদ্যান শস্যও (Crop submergence in Assam flood) ।

মন্ত্ৰীগৰাকীৰ ভাষ্যত প্ৰকাশ পোৱা অনুসৰি জলকীয়া, আদা, হালধী, পিয়াঁজ আদি মচলাজাতীয় শস্য নষ্ট হৈছে ৬৯১.৯৬ হেক্টৰ । একেদৰে ৪৪৪.৫০ হেক্টৰ ফলমূল আৰু শস্যৰ পথাৰ নষ্ট হৈছে এই প্ৰলয়ংকৰী বানত ।

দ্বিতীয়টো বানত 20 সহস্ৰাধিক হেক্টৰ কৃষিভূমি বিনষ্ট

ইপিনে প্ৰায় ২২ হাজাৰ হেক্টৰ ভূমিত হোৱা খাৰিফ আৰু শাক-পাচলিৰ বানৰ কবলত পৰি নষ্ট হৈছে । আনহাতে তেওঁ কয়, প্ৰথমটো বানৰ তুলনাত দ্বিতীয়টো বানৰ ভয়াবহ হোৱাৰ ফলত ক্ষতিৰ পৰিমাণ দুগুণ হৈছে । এনে বৃহৎ ক্ষতিৰে মুখামুখি হব পৰাকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কিছু আঁচনি যুগুত কৰাৰ কথাও সদৰি কৰে ।

ইতিমধ্যে পাৰম্ভিক পৰ্যায়ত এনে ক্ষতিৰে মোকামিলা কৰিবলৈ ৰবি শস্যৰ নামত ২৫ কোটি টকা ধাৰ্য কৰা হৈছে । অৱশ্যে কৃষিখণ্ডৰ ক্ষয়-ক্ষতিৰ উল্লেখিত তথ্যসমূহ এতিয়াও সঠিক বুলি ক’ব নোৱাৰি বুলি কৈ তেওঁ কয়- যিহেতু এতিয়াও অব্যাহত আছে বানৰ সংহাৰ । বহু কৃষিভূমি এতিয়াও পানীৰ তলতে থকাৰ লগতে নিতৌ ন ন অঞ্চল প্লাবিত হৈ আছে ।

ৰাজ্যৰ দ্বিতীয়টো বানত নামনি আৰু মধ্য অসমৰ লগতে বৰাক উপত্যকাৰ কৃষকসকল অধিক ক্ষতিগ্ৰস্ত হোৱা বুলি কৃষিমন্ত্ৰীগৰাকীয়ে সদৰি কৰে । এনে দুৰ্যোগপুৰ্ণ সময়ত প্ৰতিখন বানাক্ৰান্ত জিলাৰে বান বিধ্বস্ত ৰাইজে যাতে প্ৰয়োজনীয় সামগ্ৰী বিচাৰি হাহাকাৰ কৰিবলগীয়া নহয় তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দশনা জাৰি কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই ৷ প্ৰতিটো মুহূৰ্তত চৰকাৰ ৰাইজৰ লগত থাকিব বুলি মন্তব্য কৰে কৃষিমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদে(Asom Yuva Parishad) টীয়কৰ ঢাৰীগাঁৱত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এক সভাত অংশ লৈ এইসমূহ তথ্য ৰাজহুৱা কৰে কৃষিমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: Flood in Assam : বান সাহায্যৰ নামত অসমক বাৰম্বাৰ প্ৰৱঞ্চনা কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.