ETV Bharat / state

ৰাজ্যৰ প্ৰথমটো কৃষক উৎপাদন প্ৰতিষ্ঠান 'কুঁহিপাত' আৰম্ভ

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত "আমাৰ গাঁও আমাৰ গৌৰৱ" কাৰ্যসূচীৰে তিতাবৰত ৰাজ্যৰ প্ৰথমটো কৃষক উৎপাদন প্ৰতিষ্ঠান "কুঁহিপাত" আৰম্ভ । চাৰিখন আদৰ্শ গাঁৱত এই অভিনৱ পৰিকল্পনাৰে ১৫০ মেট্ৰিকটন লাৱণ্য ধানৰ বীজ উৎপাদনৰ লক্ষ ।

author img

By

Published : Jun 7, 2022, 8:10 PM IST

ৰাজ্যৰ প্ৰথমটো কৃষক উৎপাদন প্ৰতিষ্ঠান 'কুঁহিপাত' আৰম্ভ
ৰাজ্যৰ প্ৰথমটো কৃষক উৎপাদন প্ৰতিষ্ঠান 'কুঁহিপাত' আৰম্ভ

যোৰহাট , 7 জুন: অসম কৃষি বিশ্ববিদ্যালয়ে (Assam Agriculture University)নিজাববীয়া প্ৰচেষ্টাৰে "আমাৰ গাঁও আমাৰ গৌৰৱ" কৰ্মসূচীৰ অধীনত আজি প্ৰথমটো কৃষক উৎপাদন প্ৰতিষ্ঠান আৰম্ভ কৰি ৰাজ্যৰ কৃষিক্ষেত্ৰত এক অভিনৱ কাৰ্যসূচী আৰম্ভ কৰে (Our village our pride project starts) । বিশ্ববিদ্যালয়খনে নিজাববীয়াকৈ আৰম্ভ কৰা আমাৰ গাঁও আমাৰ গৌৰৱ কাৰ্যসূচীৰ অধীনত তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ জৰিয়তে যোৰহাট জিলাৰ তিতাবৰৰ কৃষি অধ্যুষিত দেউঘৰীয়া,লালুং ,পালেঙী আৰু দিহিঙ্গীয়া গাঁৱৰ কৃষকসকলক লৈ আৰম্ভ কৰা "কুঁহিপাত" নামেৰে এই কৃষক উৎপাদন প্ৰতিষ্ঠানটো আৰম্ভ কৰে । এই অনুষ্ঠানতে নিৰ্বাচিত কৃষকসকলক বিশ্ববিদ্যালয়ে নতুনকৈ উদ্ভাৱন কৰা লাৱণ্য ধানৰ বীজো বিতৰণ কৰা হয় ।

https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-7jun-aau-starting-our-village-our-pride-image-as10039_07062022174036_0706f_1654603836_865.jpg

তিতাবৰৰ দেউঘৰীয়া গাঁৱত অনুষ্ঠিত এক অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড৹ সঞ্জয় কুমাৰ চেতিয়াই কয় যে আমাৰ গাঁও আমাৰ গৌৰৱ আচনিৰ অধীনত দেউঘৰীয়া, লালুং, পালেঙী আৰু দিহিঙ্গীয়া গাঁও বাচনি কৰি কৃষকৰ আয় দুগুণ কৰিবলৈ প্ৰাৰম্ভিক ভাবে কৃষক উৎপাদন প্ৰতিষ্ঠানটো আৰম্ভ কৰি সামুহিক ভাবে উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।

তাৰ অধীনতে বিশ্ববিদ্যালয়ে শেহতীয়াকৈ উদ্ভাৱন কৰা পাৰ্পল ধান 'লাৱণ্য' ৰ বীজ বিতৰণ কৰি তাৰ জৰিয়তে উৎপাদিত ধান প্ৰতি কিলোত কমেও ২০-২৫ টকাকৈ যাতে কৃষকে লাভ কৰিব পাৰে তাৰ প্ৰয়াস কৰা হৈছে । এই উদ্দেশ্যত সফল হবলৈ এটা কাষ্টম হিয়েৰিং চেন্টাৰো আৰম্ভ কৰা হৈছে । সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে কয় যে লাৱণ্যৰ বীজৰ জৰিয়তে নতুন সৃষ্টিৰ জাগৰণ হব । কৃষক অধিক লাভান্বিত হব ।

বিশ্ববিদ্যালয়ে অধিক উৎপাদনক্ষম বহু বীজ উৎপাদন কৰিছে (AAU invented many high breed rice seeds) । খেতিৰ লাভজনক ক্ষেত্ৰবোৰ চিনাক্ত কৰি উৎপাদন কৰিব লাগিব । লিপিকা তালুকদাৰে আঁত ধৰা অনুষ্ঠানটোত যোৰহাট জিলা কৃষি বিষয়া বেণীমাধৱ বৰুৱাই কয় যে শেহতীয়া ধাৰণাৰে কৃষক উৎপাদন প্ৰতিষ্ঠান আৰম্ভ কৰি কৃষিৰ বাবে আগবাঢ়ি অহাটো অতিকে ভাল খবৰ । ইয়াৰ অধীনত সঠিক উন্নতমানৰ বীজ উৎপাদন কৰিলে অধিক লাভালাভ কৰিব পৰা যাব । দুতৰপীয়া খেতি কৰি অধিক আগুৱাই যাবলৈ শেহতীয়া ধাৰণা আৰু পৰিকল্পনাৰ জৰিয়তে আগবাঢ়ি যাব লাগিব । ধান খেতিৰ উপৰিও ফলমুল তথা শাক পাচলিৰ খেতি কৰি উৎপাদন দুগুণ কৰিব নোৱাৰি ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃষি গৱেষণা সঞ্চালক অৰুণ কুমাৰ পাঠকে কয় যে গ্ৰামাঞ্চলৰ কৃষক সকলক একত্ৰিত কৰি সামুহিক দৃষ্টিভংগীৰে কৃষকৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে সংগবদ্ধ প্ৰচেষ্টাৰে আগবাঢ়িব লাগিব । অনুষ্ঠানত অংশ গ্ৰহণ কৰি যোৰহাট অনাঁতাৰ কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী অঞ্জুমা দাস, নীলাচল প্ৰাইভেট কোম্পানীৰ সঞ্চালক অচিন্ত দাস, তিতাবৰৰ মহকুমাধিপতি গায়ত্ৰী দেৱীদাস, মহকুমা পশুপালন বিষয়া ৰঞ্জিত গগৈয়েও বক্তব্য আগবঢ়ায় ।শলাগ জ্ঞাপন কৰে তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মিলনজ্যোতি কোঁৱৰে ।

লগতে পঢ়ক: হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ছাত্রৰ আধিপত্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.