টীয়ক,২০ মাৰ্চ: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ অব্যাহত আছে । শনিবাৰে ৰাজ্যজুৰি 'কা' বিৰোধী বাইক ৰেলীৰ আয়োজন কৰে আছুৱে । যোৰহাট জিলাৰ টীয়কৰ ৰাজপথতো বৃহৎ বাইক ৰেলী উলিয়াই আছুৱে ।
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত টীয়ক, শিমলুগুৰি আৰু লাহিং আঞ্চলিক ছাত্ৰ সন্থাই টীয়ক হাইস্কুল খেলপথাৰৰ পৰা উলিওৱা এই ৰেলীত যুৱ ছাত্ৰ পৰিষদকে ধৰি বহু দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে, টীয়ক সমষ্টিত অগপই অসমৰ অন্যতম যুৱনেতা সিংহযুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ আঞ্চলিকতাবাদৰ আদৰ্শ তথা অসম চুক্তিক ভৰিৰে মোহাৰি বিজেপিৰ লগত কেৱল ক্ষমতাৰ স্বাৰ্থত মিলিত হৈ অসমীয়া জাতিৰ স্বাভিমানত যি আঘাত হানিছে, তাৰ প্ৰত্যুত্তৰ ৰাইজক নিৰ্বাচনত দিবলৈও আহ্বান জনাই আছু নেতৃত্বই ।
লগতে পঢ়ক: জীৱিকাৰ সম্বল বিক্ৰী কৰি নিৰ্বাচনী দৌৰত মহিম বণিয়া