হোজাই,11 নৱেম্বৰঃ ৰাষ্ট্ৰীয় আইনসেৱা প্ৰাধিকৰণ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সৌজন্যত হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ উদ্যোগত দক্ষিণ দেৱস্থানত আইনী সজাগতাৰ জৰিয়তে মহিলা সৱলীকৰণৰ সভাৰ আয়োজন ৷

উল্লেখযোগ্য যে,কেইবা শতাধিক মহিলাই অংশগ্ৰহণ কৰা সভাখনত হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাং, লংকা চক্ৰ বিষয়া মৃদুস্মিতা বৰা, পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ উপস্থিত থাকে ৷

সভাত মহিলাসকলে জিলা আইনসেৱা প্ৰাধিকৰণ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ পৰা পাব পৰা সুবিধা সমূহৰ বিষয়ে আলোচনা কৰাৰ লগতে মহিলাসকলৰ অধিকাৰ আৰু সুৰক্ষা সন্দৰ্ভতো সহিলাসকলক সজাগ কৰাৰ পদক্ষেপ গ্ৰহণ কৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে ৷
লগতে পঢ়কঃ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ নৱতম গ্ৰন্থ “মুখ্যমন্ত্ৰিত্বৰ ভয়” উন্মোচন