ETV Bharat / state

নিঃশেষ হৈ যাব নেকি ডবকা সংৰক্ষিত বনাঞ্চল ? - Forest Department

ডবকা সংৰক্ষিত বনাঞ্চল(Dabaka Reserve Forest)লৈ নামি আহিছে তীব্ৰ ভাবুকি ৷ ফ’ৰলেন(Four Lane Road)যুক্ত ঘাইপথ নিৰ্মাণৰ নামত কাটি পেলোৱা হ’ব বনাঞ্চলখনৰ পাঁচ সহস্ৰাধিক মূল্যৱান গছ । ই বনাঞ্চলখনৰ বৃহৎ ক্ষতিসাধন কৰাৰ লগতে ইয়াৰ সৌন্দৰ্য আৰু জীৱকূলৰ মাজত ব্যাপক প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে ৷

dabka reserve forest in danger
ডবকা সংৰক্ষিত বনাঞ্চললৈ ভাবুকি
author img

By

Published : Oct 24, 2021, 1:52 PM IST

হোজাই, 24 অক্টোবৰ : অতীত হোৱাৰ দিশে গতি কৰিছে হোজাই জিলাস্থিত ডবকা সংৰক্ষিত বনাঞ্চল(Dabaka Reserve Forest) ৷ বনাঞ্চলত থকা শতবছৰীয়া মূল্যবান গছ কটাত ব্যস্ত হৈ পৰিছে বন বিভাগ(Forest Department) ৷ কিয়নো বনাঞ্চলৰ সমীপত থকা 36 নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰসাৰিত হ’ব ফ’ৰলেনযুক্ত(Four Lane Road) পথলৈ ৷

ইতিমধ্যে কাৰ্বি আংলং জিলাত ঘাইপথটোৰ সম্প্ৰসাৰণৰ কাম 50 শতাংশ সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে ৷ ডবকাৰ পৰা কাৰ্বি আংলং জিলাৰ সীমান্তলৈ 15 কিল’মিটাৰ দৈৰ্ঘৰ পথচোৱাৰ 10 কিল’মিটাৰে পাৰ হৈ গৈছে ডবকা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে । কিন্তু পথ সম্প্ৰসাৰণে এতিয়া বনাঞ্চলখনলৈ মাতি আনিছে চৰম ভাবুকিৰ ৷

কিয়নো বনাঞ্চলখনৰ প্ৰায় 5000 হাজাৰ জোপা মূল্যৱান গছ কাটিবলগীয়া হ’ব ৷ যিয়ে বনাঞ্চলখনৰ বৃহৎ ক্ষতিসাধনৰ লগতে ইয়াৰ সৌন্দৰ্যতো ব্যাপক প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে ৷ কাটিবলগীয়া মূল্যৱান গছসমূহ চিনাক্ত কৰি ইতিমধ্যে গছত নম্বৰো আঁৰি দিছে বন বিভাগে ৷

ডবকা সংৰক্ষিত বনাঞ্চললৈ ভাবুকি

সংৰক্ষিত বনাঞ্চলখনৰ এই দুৰৱস্থা দেখি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডবকাৰ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনৰ মাজত ৷ গছসমূহ এনেদৰে কাটিবলৈ লোৱাৰ ফলত বনাঞ্চলত থকা জীৱকূলৰ মাজত বাজিছে বিপদঘণ্টা ৷ বান্দৰ, পহু, বনগাহৰি, হাতী, হলৌ বান্দৰ, নাহৰফুটুকী ইত্যাদি বিভিন্ন জন্তুৰে ভৰপূৰ ডবকা সংৰক্ষিত বনাঞ্চল ৷

বনাঞ্চলখনৰ পাঁচ সহস্ৰাধিক গছ কটাৰ ফলত বন্য জন্তুবোৰৰ বিচৰণভূমিৰ লগতে বাসস্থানৰো অভাৱ হ’ব ৷ যাৰ ফলস্বৰূপে মানুহ আৰু বন্যপ্ৰাণীৰ মাজত বৃদ্ধি পাব সংঘাত ৷ আনকি চৰকাৰৰ এই পদক্ষেপে ব্যাপক ক্ষতিসাধন কৰিব বনাঞ্চলত থকা পক্ষীকূলৰো ৷ বৰ্তমান বহু বিৰল প্ৰজাতিৰ পক্ষীৰ বিচৰণথলী হৈ পৰিছে এই বনাঞ্চল ৷

আনহাতে, বনাঞ্চলখনৰ ছটাকৈ স্থানত আছে হাতীৰ কৰিডৰ ৷ বনাঞ্চলৰ মাজেৰে ফ’ৰলেন যুক্ত ঘাইপথ নিৰ্মাণ হ’লে হাতীৰ বিচৰণ তথা চলাচল কৰাত বিভিন্ন অসুবিধাই দেখা দিব ৷ তদুপৰি দুর্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰাৰো সম্ভাৱনা ব্যক্ত কৰিছে প্ৰকৃতিপ্ৰেমী ৰাইজে ৷ ফ’ৰলেনযুক্ত পথটো বনাঞ্চলৰ মাজেৰে নিৰ্মাণ কৰাৰ পৰিৱৰ্তে বনাঞ্চলখনৰ কাষেৰে নিৰ্মাণ কৰিলে মূল্যৱান গছসমূহ ৰক্ষা পৰিব ৷ এই মন্তব্য কৰিছে স্থানীয় সচেতন মহলে ৷

এইক্ষেত্ৰত বনাঞ্চলখনৰ মাজেৰে যোৱা পথটোৰ গতি সলনি কৰিবলৈ হোজাই জিলাৰ উপায়ুক্ত আৰু বন সংমণ্ডল বিষয়াক স্মাৰক পত্ৰযোগে দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : জোনাইৰ ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীক পৰ্যটনস্থলী হিচাপে গঢ়াৰ দাবী আছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.