ETV Bharat / state

ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে কয়দীৰ সৈতে ক'ৰণা ভাইৰাছ সন্দৰ্ভত সজাগতা

author img

By

Published : Mar 31, 2020, 11:02 PM IST

হোজাই জিলা আইন সেৱা প্ৰাধিকৰণে কয়দীসমূহৰ মাজত ক'ৰণা ভাইৰাছ সন্দৰ্ভত সজাগতা অনাৰ প্ৰয়াস কৰিছে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে ৷

video-conference-with-prisoners
ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে কয়দীৰ সৈতে ক'ৰণা ভাইৰাছ সন্দৰ্ভত সজাগতা

হোজাই,31 মাৰ্চঃ কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কাৰাগাৰৰ পৰা কম গুৰুত্বপূৰ্ণ অপৰাধৰ অভিযুক্তসকলক ব্যক্তিগত জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে ৷ এই নিৰ্দেশনাৰ ভিত্তিত হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে নগাঁও কেন্দ্ৰীয় কাৰাগাৰ আৰু নগাঁও বিশেষ কাৰাগাৰত বন্দী হৈ থকা হোজাই জিলাৰ ১৫ জন কম গুৰুত্বপূৰ্ণ অপৰাধৰ অভিযুক্ত কাৰাবন্দীক মুকলি কৰি দিয়াৰ তৎপৰতা গ্ৰহণ কৰিছে৷ ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক সন্মান জনাই হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে প্ৰস্তুত কৰিছে ১৫ জন কাৰাবন্দীৰ তালিকা৷ ইফালে মঙলবাৰে দুয়োখন কাৰাগাৰত থকা কাৰাবন্দীসকলৰ লগত ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে মত বিনিময় কৰি কৰ'ণা সন্দৰ্ভত সজাগ কৰাৰ প্ৰয়াস কৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণিতা মৰাং আৰু হাম হাস্পতালৰ চিকিৎসক ডা৹ আদিত্য লাংথাছাই৷ কি কি উপায় অৱলম্বন কৰিলে কৰ'ণাৰ পৰা হাত সাৰিব পাৰি সেই সন্দৰ্ভত কাৰাবন্দীসকলক সজাগ কৰাৰ প্ৰয়াস কৰে হোজাই জিলা আইন সেৱা প্ৰাধিকৰণে৷ ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে কয়দীসকলক হাত ধোৱা,সামাজিক দূৰত্ব বজাই ৰখা,পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা আদি সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় দণ্ডাধীশ তথা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙে৷

লগতে পঢ়কঃঅসমত প্ৰথমগৰাকী কৰ'ণা আক্ৰান্ত ব্যক্তি চিনাক্ত : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.