হোজাই,২০ নৱেম্বৰ : পুনৰ অসম আৰক্ষীৰ (Assam Police) গুলীত আহত অপৰাধী । এইবাৰ হোজাই জিলাৰ দুই অপৰাধীক লক্ষ্য কৰি গুলীচালনা কৰিলে আৰক্ষীয়ে । আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই অপৰাধী দুজনক গুলীয়াবলৈ বাধ্য হয় আৰক্ষী ।
সমগ্ৰ ঘটনা সম্পৰ্কে সংবাদ মাধ্যমক জনালে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই । উল্লেখ্য যে নজৰুল ইছলাম নামৰ এজন ভূ-মাফিয়াক (land mafia) শেহতীয়াকৈ লামডিং আৰক্ষীয়ে আটক কৰিছিল । তাৰ পাছতে নজৰুলক লৈ আন ভূ-মাফিয়াৰ সন্ধানত লামডিং আৰক্ষীয়ে শুকুৰবাৰে নিশা এক অভিযান চলাইছিল ।
কিন্তু সেই অভিযানৰ মাজতে ন-খুটীত আৰক্ষীৰ পিষ্টল কাঢ়ি লৈছিল নজৰুলে । গুলী ফুটাই সেই অঞ্চলৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ভূ-মাফিয়া নজৰুলে । তেতিয়াই নজৰুলক কৰায়ত্ত কৰাৰ বাবে গুলীচালনা কৰিছিল আৰক্ষীয়ে ।
আৰক্ষী অধীক্ষকে জনোৱা মতে আন এটা অনুৰূপ ঘটনা সংঘটিত হৈছে ডবকাৰ আকাশীগংগা পথত । আৰক্ষীয়ে জাকিৰ হুছেইন নামৰ এটা বাইক চোৰক লৈ অভিযান চলাই আছিল । সেই সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল জাকিৰে । যাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰে আৰু আৰক্ষীৰ গুলীত আহত হয় বাইক চোৰ জাকিৰ ।
সম্প্ৰতি গুলীবিদ্ধ অপৰাধী কেইজন আৰক্ষীৰ নিৰীক্ষণত নগাঁও অসামৰিক চিকিৎসালয়ত (Nagaon Civil Hospital) চিকিৎসাধীন হৈ থকা বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে । আৰক্ষী অধীক্ষকে জনোৱা মতে বৰ্তমান দুয়োগৰাকী গুলীবিদ্ধ অপৰাধী সুস্থ । ইফালে ভূ-মাফিয়াৰ বিৰুদ্ধে শেহতীয়াকৈ তীব্ৰ অভিযান আৰম্ভ কৰিছে হোজাই জিলাৰ আৰক্ষীয়ে । আৰক্ষী অধীক্ষকে জনোৱা মতে লংকাৰ বৰদলৈ পথাৰৰ ড° ৰহমত আলী নামৰ এজন ভূ-মাফিয়াকো লামডিং আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আটক কৰা হৈছে ।
বৰ্তমানলৈকে লামডিং ভূমি কেলেংকাৰী সন্দৰ্ভত ছয় জন ভূ-মাফিয়াক আটক কৰিছে হোজাই আৰক্ষীয়ে । ধৃত ভূ-মাফিয়া কেইটা ক্ৰমে নজৰুল ইছলাম, আনোৱাৰ হুছেইন, আফজল হুছেইন, আবুল হুছেইন, আফাছউদ্দিন আৰু ৰহমত আলী লস্কৰ ।
লগতে পঢ়ক :Martyr Suman Swargiary : থেকেৰাকুছিত শ্বহীদৰ ঘৰত এবছুৰ সভাপতি দ্বীপেন বড়ো