ETV Bharat / state

ক’ভিড হাস্পতালৰ পৰা সামগ্ৰী চুৰি কৰি পলাল ক’ভিড ৰোগী - covid patient theft

নীলবাগান ক’ভিড হাস্পতালত নিশা চুৰি কৰি হাস্পতালৰ পৰা পলায়ন এজন ক’ভিড আক্ৰান্ত ৰোগী ৷ আক্ৰান্ত ৰোগীজনে সঠিক তথ্য হাস্পতালত নিদিয়াত ৰোগীজন চিনাক্ত কৰাত ব্যৰ্থ চিকিৎসালয় কৰ্তৃপক্ষ ৷

covid patient
নীলবাগান ক’ভিড হাস্পতালত চুৰি কৰি পলাল ক’ভিড আক্রান্ত
author img

By

Published : May 31, 2021, 11:22 AM IST

Updated : May 31, 2021, 11:39 AM IST

হোজাই, 31 মে’ : হোজাই জিলাৰ নীলবাগান ক’ভিড হাস্পতালত চাঞ্চল্যকৰ ঘটনা ৷ হাস্পতালখনৰ পৰা ক’ভিড আক্ৰান্ত ৰোগীয়ে অন্য এজন ৰোগীৰ ম’বাইলৰ লগতে নগদ ধন চুৰি কৰি পলায়ন কৰে । শনিবাৰে নিশা চুৰি কাণ্ড কৰি হাস্পতালৰ সীমাৰ পাছফালে থকা বেৰ ভাঙি পলায়ন কৰে ক'ভিড আক্ৰান্ত ৰোগীজনৰ । পলায়ন কৰা ৰোগীজন হোজাই কৃষ্ণনগৰৰ অশোক দাস বুলি জানিবলৈ দিয়ে চিকিৎসালয় কর্তৃপক্ষই ৷ অশোক দাস দুদিন পূৰ্বে কৰ’ণাত আক্ৰান্ত হৈ ক’ভিড চিকিৎসালয়খনত ভৰ্তি হৈছিল ।

আনহাতে, ঘটনা সন্দৰ্ভত মোৰাঝাৰ আৰক্ষী থানাত কমৰ্ৰত চিকিৎসক সুহাদা লুতফাই এখন এজাহাৰ দাখিল কৰিছে । মোৰাঝাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল । কিন্তু হাস্পতালত উক্ত ৰোগীজনক ভৰ্তি কৰোতে তেওঁ সঠিক তথ্য লিপিৱদ্ধ নকৰাত আৰক্ষীয়েও কোনো শুং-সূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

ইফালে ক’ভিড আক্ৰান্ত ৰোগীজন পলায়ন কৰাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ ৰোগীজনৰ দ্বাৰা গণ সংক্ৰমণৰ আশংকা কৰিছে ৰাইজে । উল্লেখ্য যে ক’ভিড আক্ৰান্ত ৰোগীজনে ভুৱা ম’বাইল নম্বৰৰ লগতে ভুল তথ্য হাস্পতালত দাখিল কৰিছিল বুলি জানিব পৰা গৈছে । চিকিৎসালয় কৰ্তৃপক্ষই ৰোগীজনৰ পিতৃৰ নাম লিপিৱদ্ধ নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : কাছাৰত ২৮০ গ্ৰাম ব্ৰাউন চুগাৰ সহ দুটা সৰবৰাহকাৰীক আটক

Last Updated : May 31, 2021, 11:39 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.