হোজাই, 26 জুন : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে মৰেল পুলিচিঙৰ ঘটনা । এইবাৰ হোজাই জিলাৰ কাকীত সংঘটিত হৈছে মৰেল পুলিচিঙৰ এক ঘটনা ৷ এগৰাকী 16 বছৰীয়া কিশোৰীক গছত বান্ধি নিৰ্যাতন চলাই একাংশ স্থানীয় লোকে (Teenager girl beaten tied to a tree on accused of theft in Hojai)৷ তথ্য অনুসৰি, চলিত মাহৰ 20 তাৰিখে সংঘটিত হৈছিল এই ঘটনাটো ৷
অভিযোগ অনুসৰি, 16 বছৰীয়া কিশোৰীগৰাকীয়ে কাকীৰ এঘৰত চুৰি কৰিছিল ৷ এই চুৰিৰ অভিযোগতে কিশোৰীগৰাকীক নজমুল নামৰ এজন যুৱকে প্ৰথমতে গছত বান্ধি শাৰীৰিক নিৰ্যাতন চলায় ৷ জানিব পৰা মতে, নজমুল হৈছে আমছুৰ এগৰাকী সদস্য ৷
ইফালে ভুক্তভোগী কিশোৰী আৰু তেওঁৰ পিতৃয়ে উল্লেখ কৰা অনুসৰি, উক্ত ঘটনা সংঘটিত হোৱাৰ আগদিনা নিশা ভুক্তভোগী কিশোৰীগৰাকীৰ ঘৰত এটা টোপোলা লৈ নজৰুল আৰু তেওঁৰ তিনি বন্ধু গৈছিল ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ নজৰুল আৰু তেওঁৰ তিনি বন্ধুৱে শাৰীৰিকভাৱে অপদস্ত কৰাৰ চেষ্টা কৰে ৷
আনকি তেওঁলোকে লগত লৈ অনা টোপোলাটো কিশোৰীগৰাকীয়ে চুৰি কৰাৰো অভিযোগ উত্থাপন কৰে ৷ এই ঘটনাৰ অভিযোগৰ ভিত্তিতেই কিশোৰীগৰাকীক নজমুল আৰু গাঁৱৰ একাংশ মহিলাই মিলি গছত বান্ধি শাৰীৰিক নিৰ্যাতন চলায় ৷ লগতে অঞ্চলটোৰ একাংশ লোকে কিশোৰীগৰাকীক প্ৰহাৰ কৰা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷
আনহাতে, ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃয়ে ন্যায় দাবীত শংকৰদেৱনগৰ ন্যায়ালয়ত দাখিল কৰে এক অভিযোগ ৷
লগতে পঢ়ক : Mysterious Death in Guwahati : ইছাক মাৰাকৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আটক 10 অভিযুক্ত