হোজাই,17মে'ঃ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড0 মনমোহন সিঙৰ আশু আৰোগ্য কামনাৰে আজি হোজাইত অনুষ্ঠিত কৰা হয় প্ৰাৰ্থনা সভা ৷ দেশত সম্প্ৰতি চলি থকা লক ডাউনৰ মাজতে সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি হোজাইৰ লংকাৰ গুৰুদ্বাৰত শিখ সমাজৰ কেইজনমান লোকে এই প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী যাতে সুস্থ হৈ উঠে আৰু দেশৰ বাবে পুনৰ সেৱা আগবঢ়াব পাৰে তাৰে কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়৷ উল্লেখযোগ্য যে,বৰ্তমান দিল্লীৰ এইমচ হাস্পাতালত চিকিৎসাধীন হৈ আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী ৷
লগতে পঢ়কঃকৰ'ণা বিৰোধী যুঁজৰ অন্যতম যোদ্ধাৰ কথাৰে