ETV Bharat / state

BJP Internal conflict in Hojai: ফলকে উদঙালে হোজাই বিজেপিৰ আভ্যন্তৰীণ কন্দল - ফলকক লৈ স্পষ্ট হৈ পৰিছে বিজেপিৰ গৃহ কন্দল

হোজাইত চলিছে ফলক ভঙা প্ৰতিযোগিতা (BJP Internal conflict in Hojai) ৷ দুই বিজেপি বিধায়ক আৰু প্ৰাক্তন বিধায়কৰ মাজত চলিছে এই প্ৰতিযোগিতা ৷ জানিবলৈ পঢ়ক এই বাতৰি ৷

BJP Internal conflict in Hojai
ফলকে উদঙালে হোজাই বিজেপিৰ আভ্যন্তৰীণ কন্দল
author img

By

Published : Jan 26, 2023, 9:00 AM IST

ফলকে উদঙালে হোজাই বিজেপিৰ আভ্যন্তৰীণ কন্দল

হোজাই, 26 জানুৱাৰী : হোজাইত পৰিলক্ষিত হৈছে বিজেপিৰ অন্তঃকন্দল ৷ এখন ফলকক লৈ স্পষ্ট হৈ পৰিছে বিজেপিৰ এই গৃহ কন্দল ৷ হোজাই জিলাৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে লগোৱা ফলক ভাঙি সেই একে ঠাইতে ৰামকৃষ্ণ ঘোষে তেওঁৰ নামত আন এখন ফলক লগোৱাৰ অভিযোগ শিলাদিত্য দেৱৰ (Plaque exposes internal conflict in Hojai BJP)।

বুধবাৰে হোজাই জিলাৰ বৰ্তমানৰ বিধায়ক ৰামকৃষ্ণ ঘোষে এটা প্ৰেক্ষাগৃহৰ বাবে বিধায়ক পুজিৰ ধনৰ চেক বিতৰণ কৰি তেখেতৰ নাম খোদিত এক ফলক স্থাপন কৰে । লংকাস্থিত শ্ৰী শ্ৰী গোপাল আশ্ৰমৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ৰামকৃষ্ণ ঘোষে আশ্ৰম কমিটিক এক লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে উদ্বোধন কৰে ফলকখন । উল্লেখ্য যে, শ্ৰী শ্ৰী গোপাল আশ্ৰমৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে শিলাদিত্য দেৱেও বিধায়ক হৈ থকা সময়তে সেই একেই স্থানতে তেখেতৰ নাম খোদিত এখন ফলক প্ৰতিস্থা কৰি আশ্ৰমলৈ প্ৰদান কৰিছিল পাঁচ লাখ টকাৰ চেক (Hojai ex MLA Shiladitya Dev) ।

BJP Internal conflict in Hojai
ফলকে উদঙালে হোজাই বিজেপিৰ আভ্যন্তৰীণ কন্দল

কিন্তু জিলাখনৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে দিয়া আৰ্থিক অনুদানৰ কথা উল্লেখ থকা ফলকখন ভাঙি সেই একে স্থানতে হোজাইৰ বৰ্তমানৰ বিধায়ক ৰামকৃষ্ণ ঘোষে নিজৰ নাম খোদিত কৰি আন এখন ফলক স্থাপন কৰে । এই লা দলটোৰ ভিতৰচৰাত চৰ্চা চলি থকাৰ মাজতে এই প্ৰসংগত আমাৰ সাংবাদিকে বিধায়ক ৰামকৃষ্ণ ঘোষৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচৰাত বিধায়ক গৰাকীয়ে কয় যে, বিষয়টো সম্পৰ্কে তেওঁ একেবাৰে জ্ঞাত নহয় ৷ লগতে তেখেতৰ অজ্ঞাতে এনে কাৰ্যৰ সৈতে জড়িত লোকক দিলে গৰিহণা (Hojai MLA Ramkrishna Ghosh) ৷

বিতৰ্কিত বিষয়টো সন্দৰ্ভত শ্ৰী শ্ৰী গোপাল আশ্ৰম কমিটিৰ সম্পাদকগৰাকীৰ পৰা জানিব বিচৰাত সৰু ল’ৰা ছোৱালীয়ে কৰা খেলি ধেমালিৰ সময়তহে পূৰ্বৰ ফলকখন ভঙা বুলি উল্লেখ কৰে । ইফালে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে বৰ্তমানৰ বিধায়কজনেই জানি-শুনি এই কাৰ্য সম্পাদন কৰাৰ অভিযোগ উত্থাপন কৰি কয়, ফলক ভঙা ৰাজনীতি কৰিছে বিধায়ক ৰামকৃষ্ণ ঘোষে ।

বিধায়কগৰাকীয়ে পুনৰ কয় যে, এনে কামত বিজেপিৰ কৰ্মীসকলে মনত আঘাত পায় । তেৱোঁ বিজেপিৰে বিধায়ক আছিল; কিন্তু তাৰ পাছতো তেওঁ লগোৱা ১৫/২০ খনকৈ ফলক কিয় ভঙা হ’ল বুলিও প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে । বিজেপিক শক্তিশালী কৰিবলৈ হ’লে এই ফলক ভঙা ৰাজনীতি বন্ধ কৰিব লাগিব বুলি মত প্ৰকাশ কৰে প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে ।

ফলক ভঙা তথা একেটা দলৰে দুজনকৈ বিধায়কৰ আত্ম প্ৰতিষ্ঠাৰ লগতে নিজৰ গণভিত্তি প্ৰদৰ্শনৰ এই যুদ্ধই চিন্তান্বিত কৰি তুলিছে হোজাই বিজেপিক ৷

লগতে পঢ়ক : 74th Republic Day: উত্তৰ পূবৰ গৌৰৱ বুকুত বান্ধি দিল্লীত পেৰেড প্ৰদৰ্শনৰ বাবে সাজু অসম ৰাইফলছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.