হোজাই,12 এপ্ৰিল : শনিবাৰে হোজাইৰ ধনুহাৰ বস্তিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এজন লোকে এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক লাঠি-চৰ শোধাই মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ একেখন গাঁৱৰে আব্দুল ফাৰুক নামৰ লোকজনৰ বিৰুদ্ধে উত্থাপন হৈছে এই মাৰপিটৰ অভিযোগ ৷ জানিব পৰা মতে, গাঁওখনৰ চুলতান আলীৰ কন্যা আৰু আব্দুল ফাৰুকৰ পুত্ৰ সন্তানৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ সূত্ৰপাত ৷ দেওবাৰে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷
ইয়াৰ পাচতে আব্দুল ফাৰুকে চুলতানৰ কন্যাক মাৰপিটৰ কৰা বুলি জানিব পৰা গৈছে ৷ টিউচন কৰি ঘৰলৈ গৈ উভতাৰ সময়তে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীগৰাকীক প্ৰহাৰ কৰে আব্দুলে ৷ ইফালে ঘটনাৰ উচিত তদন্ত কৰি বিচাৰি অভিযুক্ত আব্দুলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ বাবে প্ৰশাসনৰ দাবী জনাইছে ছাত্ৰী গৰাকীৰ পিতৃ-মাতৃ আৰু স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : ধুবুৰীত বালিমাটিৰ বৃহৎ চিণ্ডিকেট